কচুগাৱঁত নিৰ্বাচনী হিংসা : ইউ পি পি এলৰ কাৰ্যালয়ত বিপিএফ কৰ্মীৰ উদ্ভণ্ডালিৰ অভিযোগ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কঁচুগাঁৱত যোৱা নিশা সংঘটিত হয় এক নিৰ্বাচনী হিংসা । বিপিএফ কর্মীয়ে ইউ পিপি এলৰ কাৰ্যালয়ত উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছে ইউ পিপি এলৰ কচুগাওঁ ব্লকৰ সাধাৰণ সম্পাদক এটোয়া কুমাৰ ব্ৰহ্মই ।

থানাত দাখিল কৰা অভিযোগৰ এজাহাৰৰ মতে, যোৱা নিশা কচুগাঁৱৰ দক্ষিণ গংগীয়া গাঁৱত থকা ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্যালয়ত দেৰহাছাৎ গয়াৰীআৰু মঞ্জিৎ নাৰ্জাৰী নামৰ বিপিএফ দলৰ দুগৰাকী কৰ্মীয়ে উপস্থিত হৈ অশ্লীল ভাষাৰে গালি পৰাৰ লগতে সেইসময়ত কাৰ্যালয়টোত থকা ইউ পি পি এল দলৰ কর্মী সকলৰ সৈতে উদ্ভণ্ডালি কৰে বুলি অভিযোগ কৰে ।

আনহাতে, বিপিএফ দলৰ কচুগাওঁ যুৱ মঞ্চৰ সভাপতি নৱয় বসুমতাৰীয়ে কয় যে, আগন্তুক নিৰ্বাচনত পৰাজয়ৰ শংকাত ভুগি ইউ পি পি এল দলে সৰু সুৰা ঘটনাক ডাঙৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে। ৰাজনৈতিক যুজঁ দিব নোৱাৰি এনে চক্রান্তমূলক কার্যত লিপ্ত হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি বসুমতাৰীয়ে লগতে কয় যে, ক্ষমতা পোৱাৰ আগতেই ইউ পিপি এল দলে যদি এইধৰণে কাৰ্য কৰি থাকে, তেন্তে ক্ষমতা লাভৰ পাছত বিটিচি বাসী কি পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব সেয়া ইতিমধ্যেই ৰাইজে উপলব্ধি কৰিব পাৰিছে।

ইপিনে আজি পুৱা এজাহাৰ দাখিল কৰিবলৈ গৈ ইউপিপিএলৰ একাংশ কৰ্মীয়ে কচুগাওঁ আৰক্ষী থানাত কৰ্মৰত মহিলা আৰক্ষীক আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে বিপিএফ দলৰ নেতাগৰাকীয়ে । লগতে উক্ত ঘটনাৰ তদন্ত কৰি মূল দোষীক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনায়।

Exit mobile version