পিএনবি দুৰ্নীতিৰ অভিযুক্ত নীৰৱ মোদীৰ পত্নী এমিলৈ ইন্টাৰপুল ৰেড কৰ্ণাৰ ন’টিছ জাৰী

f6a06cb30cdfcaad20a15af86d9a2d22611b3b66f5dca6a18de614539577e914

পঞ্জাৱ নেশ্যনেল বেংকৰ দুৰ্নীতিৰ অন্যতম অভিযুক্ত নীৰৱ মোদীৰ পত্নী এমী ভাই নেহল আৰু তেওঁৰ ভগ্নী পূৰ্বীৰ বিৰুদ্ধে ইন্টাৰপ’লে ৰেড কৰ্ণাৰ ন’টিছ জাৰি কৰিছে ৷ অভিযুক্ত নীৰৱ মোদীৰ পত্নী এমীৰ বিৰুদ্ধে ভাৰতত ধনৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভত গোচৰ দাখিল হৈছিল ৷ ইপিনে এমীক বিগত বৰ্ষত শেষবাৰৰ কাৰণে আমেৰিকাত দেখা গৈছিল।

আনহাতে ইডিয়ে বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত দাখিল কৰা প্ৰতিবেদনত এমীৰ নাম উল্লেখিত আছিল । অভিযোগ অনুসৰি এমীয়ে ধনৰ সৰবৰাহৰ জৰিয়তে নিউয়ৰ্কত দুটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল ৷ এই এপাৰ্টমেণ্টটো বিদেশত জব্দ কৰা ৬৩৮ কোটি টকাৰ সম্পত্তিৰে অংশ । আনহাতে নীৰৱ মোদীৰ বিৰুদ্ধে ১৩হাজাৰ ৭০০ কোটি টকাৰ পিএনবি দুৰ্নীতিৰ অভিযোগ আছে । নীৰৱ মোদী সম্প্ৰতি লণ্ডনস্থিত এখন জেইলত আৱদ্ধ হৈ আছে ৷

বিগত বৰ্ষত ১৯ মাৰ্চত লণ্ডন পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । ভাৰতৰ তদন্তৰ বিভাগসমূহে নীৰৱ মোদীক ভাৰতলৈ অনাৰ কাৰণে চেষ্টা কৰি আছে ৷  লণ্ডনৰ এখন আদালতত এই সন্দৰ্ভত শুনানিও হৈছে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চত নীৰৱ মোদীৰ বহু সম্প্ৰতি জব্দ কৰি ইডিয়ে নীলাম কৰিছিল।নীলাম হোৱা বস্তুসমূহৰ ভিতৰত আছিল ঘড়ী,পাৰ্চ,গাড়ী আদি। ইডিৰ মতে এই নীলামীত প্ৰায় ৫১ কোটি টকা লাভ কৰিছিল ইডিয়ে ৷

Exit mobile version