ৰাজসাক্ষী হোৱাৰ ইচ্ছা দালাল মৃগেন্দ্র শইকীয়াৰ

Untitled design 13

অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হৈ থকা ৯৩৬/২০১৬ নম্বৰ গোচৰত ৰাজসাক্ষী হ’ব ৰাকেশ পালৰ অন্যতম দালাল ডাঃ মৃগেন্দ্ৰ কুমাৰ শইকীয়া। এই চৰ্তৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পাছত এই ক্ষেত্রত প্ৰয়োজনীয় অনুমতি বিচাৰি বিশেষ আদালতৰ দ্বাৰস্থ হয়। সংশ্লিষ্ট গোচৰৰ অন্যতম অভিযুক্ত ডাঃ শইকীয়াই দাখিল কৰা এই সম্পৰ্কীয় আবেদনৰ শুনানিৰ বাবে অহা ১৯ ছেপ্টেম্বৰৰ দিনটো ধার্য কৰিছে। শুনানিৰ অন্তত এই কথা সদৰী কৰে অধিবক্তা পঙ্কজপ্ৰতিম দত্তই।

তেওঁ জনোৱা মতে, সহজলভ্য ধনৰ লালসাত এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালে অসম অসামৰিক আৰু অন্যান্য সেৱাৰ গুৰুত্বপূৰ্ণ পদত বাচনিৰ বাবে অযোগ্য প্রাৰ্থীৰ পৰা নগদ ধন আহৰণৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কে’বাজনো বিশ্বস্ত দালাল নিয়োগ কৰে। সংশ্লিষ্ট দালালসকলৰ ভিতৰত অন্যতম হৈছে পশু চিকিৎসক ডাঃ মৃগেন্দ্ৰ কুমাৰ শইকীয়া। ডিব্ৰুগড় আৰক্ষী থানাৰ ৯৩৬/২০১৬ নম্বৰ গোচৰত নাম সাঙোৰ খাই পৰাৰ পাছতে ডাঃ শইকীয়াই পলায়ন কৰে। পাছত সংশ্লিষ্ট গোচৰত পলাতক হিচাপে উল্লেখ কৰি ডিব্ৰুগড় আৰক্ষীয়ে শইকীয়াৰ বিৰূদ্ধে বিশেষ আদালতত অভিযোগনামা দাখিল কৰে।

২০১৬ ৰ পৰা ডঃ শইকীয়াই বাংগালুৰু, কেৰেলাকে ধৰি বিভিন্ন স্থানত আত্মগোপনৰ পাছত সংশ্লিষ্ট গোচৰত ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। ইয়াৰ ভিত্তিতে ডাঃ শইকীয়াই সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হৈ ফৌজদাৰী বিধিৰ ১৬১ ধাৰাৰ অধীনত ভাষ্য প্ৰদান কৰে। লগতে সংশ্লিষ্ট গোচৰত ৰাজ সাক্ষী হোৱাৰ আগ্ৰহৰ কথাও ডাঃ শইকীয়াই উল্লেখ কৰে । সেইমৰ্মে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই সম্পৰ্কত প্ৰয়োজনীয় অনুমতি বিচাৰি দালাল চিকিৎসকজনে বিশেষ আদালতৰ দ্বাৰস্থ হয়। ডাঃ শইকীয়াই দাখিল কৰা আবেদনৰ শুনানিৰ বাবে বিশেষ আদালতে ১৯ ছেপ্টেম্বৰৰ দিনটো ধার্য কৰা বুলি অধিবক্তাই জনায় ।

ইপিনে, এ পি এছ চি ৰ বিয়াগোম কেলেংকাৰীৰ ন্যায়িক তদন্ত আয়োগৰ নিৰ্দেশৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষী থানাৰ ৯৩৬/২০১৬ আৰু মহানগৰী ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা ১৫৯/২০১৭ নম্বৰ গোচৰৰ অভিযুক্তসকলে ফৌজদাৰী বিধিৰ ১৬১ আৰু ১৬৪ ধাৰাৰ অধীনত প্ৰদান কৰা ভাষ্য , সংশ্লিষ্ট গোচৰৰ অনুসন্ধানত জব্দকৃত নথিৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ প্ৰতিবেদনৰ প্ৰত্যায়িত প্ৰতিলিপি বিচাৰি সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়াদ্বয়ে পৃথকে পৃথকে বিশেষ আদালতত আবেদন দাখিল কৰে ।

Exit mobile version