জালুকবাৰীত অৰ্ধগলিত অৱস্থাত পুৰুষৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

suicide representation

মহানগৰী গুৱাহাটীৰ জালুকবাৰীৰ পদুমবুড়িত আজি এক অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পিতনীত অৰ্ধ উলংগ অৱস্থাত উৱলি যাব ধৰা পুৰুষৰ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে জালুকবাৰী আৰক্ষীক খবৰ দিয়ে ।

উক্ত অচিনাক্ত মৃতদেহটো প্ৰায় ৩৫-৪০ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । কে’বাদিন পূৰ্বে দুৰ্বৃত্তয়ে হত্যা কৰি উক্ত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ । অচিনাক্ত মৃতদেহটো জি এম চি এইছত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত চিনাক্তকৰণৰ বাবে মৰ্গত ৰখা হৈছে বুলি জালুকবাৰী আৰক্ষীয়ে জানিবলৈ দিয়ে।

Exit mobile version