প্ৰসংগঃ প্ৰশান্ত ভুষণৰ ন্যায়ালয়ক অপমান

10THRDBHUSHAN 1

ন্যায়ালয়ক অৱমাননা কৰা সন্দৰ্ভত প্ৰশান্ত ভুষণক আজি উচ্চতম ন্যায়ালয়ে শুনানি দিয়ে ৷ ন্যায়ালয়ে কয় “ভুষণৰ মত ব্যক্ত কৰাৰ অধিকাৰ আছে ৷ কিন্তু তেওঁ ন্যায়ালয় অৱমাননা কৰাৰ ক্ষেত্ৰত ক্ষমা খুজিব নিবিচাৰে ৷ মানুহক নিজে কৰা ভুলৰ উপলব্ধি হ’ব লাগে । আমি তেওঁক সময় দিছিলো ৷ কিন্তু তেওঁ ন্যায়ালয়ে ক্ষমা নুখুজে” ৷

ইফালে ন্যায়ালয়ে এইবাৰ স্পষ্টকৈ কয় যে এইবাৰ নিৰ্দেশৰ জৰিয়তেহে কথা বতৰা আৰম্ভ কৰিব ৷ আনহাতে এন্টনী জেনেৰেল কেকে বেণুগোপাল মিশ্ৰই কয় যে উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভুষণক দয়া দেখুৱাব লাগে ৷ এই সন্দৰ্ভত ন্যায়ালয়ে বেণুগোপালক প্ৰশ্ন কৰে যে প্ৰশান্ত ভুষণে উচ্চতম ন্যায়ালয় শেষ হৈ গ’ল বুলি কোৱাটো দোষণীয় নহয় নেকি?

ইপিনে উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভুষণৰ ১১ বছৰৰ পূৰ্বে ন্যায়ালয়ক অৱমাননা কৰা বিষয়টো অন্য এখন বিচাৰপীঠক অৰ্পণ কৰে । ন্যায়ালয়ে কয় এই বিষয়টো কেৱল শাস্তিতে সীমাবদ্ধ নহয় । এইয়া সমগ্ৰ সংস্থাটোৰ বিশ্বাসৰ ওপৰত আধাৰিত । উল্লেখযোগ্য যে ১১ বছৰৰ পূৰ্বে এখন সংবাদ পত্ৰিকাত দিয়া এটা সাক্ষাৎকাৰত প্ৰশান্ত ভুষণে ন্যায়পালিকাৰ সন্দৰ্ভত মন্তব্য দিছিল । এই সন্দৰ্ভত ১০ ছেপ্তেম্বৰত পৰৱৰ্তী শুনানি হ’ব ।

ইপিনে সোমবাৰে আদালতত ক্ষমা খুজিবলৈ অপৰাগ প্ৰশান্ত ভুষণে কয় “মই যি কৈছিলো সেয়া বাস্তৱিক । গতিকে চৰ্ত বা বিনা চৰ্তত এতিয়া ক্ষমা খুজিলে কথাটো বেয়া হ’ব । যদি হেচাঁত ক্ষমা খুজো তেন্তে অন্তৰ আত্মাৰ অৱমাননা হ’ব । আৰু মই অন্তৰ আত্মাক বহুত সন্মান কৰোঁ।”

Exit mobile version