বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ দেহাৱসান

WhatsApp Image 2020 08 25 at 7.31.12 AM

বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ গুৱাহাটী হেলথ চিটি হাস্পতালত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।ও ফুলেশ্বৰি বুকুৰে লগৰী, বেলি গ’ল গধূলি হ’ল, মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ কৰা বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মন্মথ বৈশ্য যোৱা ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধিন হৈ আছিল । বৰপেটাৰ কেওটকুছি গাঁওৰ প্ৰয়াত গীতিকাৰ গৰাকী গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল।

Exit mobile version