চীনৰ আকাশত গোপনে আমেৰিকাৰ U2 এয়াৰক্ৰাফ্ট

dfedce2264618d3fd470

আমেৰিকা আৰু চীনৰ মাজত পুনৰ ক্ষিপ্ৰ গতিত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ কাৰণ চীনৰ অভিযোগ যে আমেৰিকাৰ দুখন অনুসন্ধানকাৰী বিমানে বিগত সময়ত তেওঁলোকৰ সীমান্ত পাৰ হৈ চীনা সৈন্যৰ সকলো কুচকাৱাজ ৰেকৰ্ড কৰে ৷ অৱশ্যে এই ঘটনাৰ প্ৰকৃত স্থানৰ সন্দৰ্ভত চীনে কোনো তথ্য সদৰী কৰা নাই । আমেৰিকাই চীনৰ অভিযোগক নসাৎ কৰি কয় যে আমি কোনো নিয়ম উলংঘা কৰা নাই । ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ মাজতে আমেৰিকা আৰু চীনৰ মাজত এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ ৷ কাৰণ বিগত মাহত আমেৰিকাৰ দুখন যুদ্ধ বিমান সংঘাইৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বৰ আকাশত বহু সময় উৰি থকাৰ সম্ভেদ পোৱা গৈছিল ৷

ইপিনে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰবক্তা ইউ ক্বিনে কয় “আমেৰিকাৰ বায়ুসেনাৰ দুখন ইউ ২ এয়াৰক্ৰাফ্ট বিমানে আমাৰ সীমান্তৰ সোমাই সেনাৰ সকলো কাৰ্যসূচী অনুসন্ধান কৰে । ইয়াৰ দ্বাৰা আমাৰ ট্ৰেইনিঙৰ ওপৰত প্ৰভাৱ পৰিছে ৷ আমেৰিকাই দুখন দেশৰ মাজত থকা চুক্তি উলংঘা কৰিছে । এই ঘটনা সন্দৰ্ভত চীনৰ চৰকাৰী সংবাদমাধ্যমে কোৱা অনুসৰি আমেৰিকাৰ এই কাৰ্য অতিশয় ভয়ংকৰ ৷ যদি আমেৰিকা চীনত সোমাই তেন্তে সেনাৰ মাজত বিবাদ বা সংঘৰ্ষ হ’ব পাৰে । আৰু অনাগত সময়ত এই বিবাদ বাঢ়িবও পাৰে ৷

আনহাতে আমেৰিকাৰ চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা U2 এয়াৰক্ৰাফ্ট প্ৰথমবাৰৰ বাবে ১৯৫০ চনত দেখিবলৈ পোৱা গৈছিল ৷ অৰ্থাৎ এই এয়াৰক্ৰফ্টখন ৭০ বছৰৰ পুৰণি ৷ লগতে U2 এয়াৰক্ৰাফ্টক বহু বাৰ উন্নত প্ৰযুক্তিৰে পুনৰ নিৰ্মাণো কৰা হৈছে৷আমেৰিকাৰ লগত এনে বহুত এয়াৰক্ৰাফ্ট আছে । U2 এয়াৰক্ৰাফ্টে ৭০ হাজাৰ ফুট ওপৰৰ পৰা তলত থকা সবাতোকৈ সৰু বস্তু এটাকো নিৰীক্ষণ কৰিব পাৰে, ফটোগ্ৰাফ ল’ব পাৰে লগতে ভিডিঅ’ও নিৰ্মাণ কৰিব পাৰে । উল্লেখযোগ্য যে, U2 এয়াৰক্ৰাফ্টক এন্টী এয়াৰক্ৰাফ্ট মিছাইলে চুবও নোৱাৰে।

Exit mobile version