চৰাইদেউ জিলাৰ মৰাণ অঞ্চলত ৩০ জন শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯ পজিটিভ

সমগ্ৰ অসমতে মহামাৰী ক’ভিড-১৯ ভাইৰাছে ব্যাপক গণসংক্ৰমণ সৃষ্টি কৰাৰ সময়তে শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলক বাধ্যতামূলক ভাৱে ক’ভিড টেষ্ট কৰিবলৈ নিদেৰ্শ প্ৰদান কৰাৰ পিছতে আজি চৰাইদেউ জিলা সোণাৰি(চেপন) প্ৰাথমিক শিক্ষা খণ্ডৰ ৩০ জন শিক্ষকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে ।

জিলাখনৰ মৰাণ ৰাইদঙীয়াত স্থাপন কৰা ৰেপিড চেন্টাৰত শিক্ষকসকলে কৰা ক’ভিড টেষ্টৰ অন্তত আজি এই খবৰটো বিয়পি পৰে । সংবাদ মাধ্যমত হাতত আহি পৰা এই ৩০ জন শিক্ষক হল ক্ৰমে ৰাজেশ কুমাৰ ঠাকুৰ, উমাকান্ত চুতীয়া, বিনীত দাস, প্ৰশান্ত গগৈ, সীমান্ত গগৈ, পবিত্ৰ ৰাজকোঁৱৰ, স্বপ্ন কুমাৰ চুতীয়া, চন্দ্ৰৰেখা, দিপাঙ্কৰ পাল, মৃদুল পাল, টিংকু চুতীয়া, ফুলেশ্বৰী গগৈ, দীপমালা উৰাঙ, জগৰীতি বৰগোঁহাই, পিংকী বড়া, ৰঞ্জিত চুতীয়া, ইকবাল হুছেইন, অশোকতৰা বেগম, আখতাৰ হুছেইন, ৱাহিদ হুছেইন, ৰোহিণী বৰগোঁহাই, শৰৎ চেতিয়া, জিপিকা ফুকন, নয়নজ্যোতি ফুকন, কাজল মালাকাৰ, ৰঞ্জিত চুতীয়া, অনিমা ঘাটোৱাৰ, নৰেন্দ্ৰ ঠাকুৰ, নিকু উপাধ্যায় আৰু নেহা খাৰঘৰীয়া ।

এই কেইজন শিক্ষকৰ দেহত আজি ধৰা পৰা ক’ভিড পজিটিভৰ ভিতৰত এজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাকী ২৯ জন শিক্ষকক হোম কোৱাৰেন্টাইন কৰা হৈছে বুলি মহকুমা স্বাস্থ্য বিষয়া তথা পাটসাঁকো প্ৰাথমিক স্বাস্থ্য বিষয়া ডা° নিৰঞ্জন দাসে সংবাদ মাধ্যমক জানিবলৈ দিছে ।

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলক শিক্ষামন্ত্ৰীয়ে বাধ্যতামূলকভাৱে ক’ভিড টেষ্ট কৰিবলৈ নিদেৰ্শ প্ৰদান কৰাৰ পিছতে ২৫ আগষ্টৰ পৰা শিক্ষকসকলে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে আজি চৰাইদেউ জিলা সোণাৰি(চেপন) শিক্ষা খণ্ডৰ ৩০ গৰাকীকৈ শিক্ষকৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত আতংক সৃষ্টি হৈছে ।

Exit mobile version