Amarnath Yatra:মঙলবাৰে আছিল অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰক্ষীৰ বৈঠক। সেই বৈঠকত জম্মু-কাশ্মীৰ প্ৰশাসনে ল’লে ডাঙৰ সিদ্ধান্ত । ভূস্বৰ্গৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি এইবাৰ অমৰনাথ যাত্ৰাৰ বাবে উপলব্ধ নহ’ব হেলিকপ্টাৰ সেৱা।
লগতে তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পথটো ‘নো ফ্লাই’ জ’ন ‘ হিচাপে ঘোষণা কৰা হৈছে।
প্ৰতিবাৰেই অমৰনাথ যাত্ৰাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। যদিও এইবাৰ পহলগাম আক্ৰমণ আৰু তাৰ পাছৰ ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত সেই নিৰাপত্তা কেবাগুণো বৃদ্ধি কৰা হৈছে।
এইবাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই তিনিটা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। যাৰ নাম দিয়া হৈছে ‘অপাৰেচন শিৱ’।
তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা অভূতপূৰ্বভাৱে সুনিশ্চিত কৰাৰ বাবে তীৰ্থযাত্ৰা পথত ৫০ হাজাৰৰো অধিক সৈন্য মোতায়েন কৰা হৈছে।
তদুপৰি এইবাৰ আকাশপথৰ পৰা হোৱা বিপদৰ পৰা হাত সাৰিবলৈ হেলিকপ্টাৰ সেৱাও বাতিল কৰা হৈছে।
শ্ৰী অমৰনাথ ব’ৰ্ড কৰ্তৃপক্ষই জনাইছে যে ,দক্ষিণ কাশ্মীৰৰ পহলগাম পথ আৰু উত্তৰ কাশ্মীৰৰ বলতাল পথ দুয়োটাৰে ভক্তসকলে পবিত্ৰ গুহা তথা মন্দিৰত উপস্থিত হ’ব পাৰে।
মঙলবাৰৰ হাই-প্ৰফাইল নিৰাপত্তা বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, জম্মু-কাশ্মীৰ আই বি প্ৰধান অটল দুল্লু, ডি জি পি নলিন প্ৰভাত, সেনা প্ৰধান প্ৰশান্ত শ্ৰীবাস্তৱ আদি উপস্থিত থাকে।
বৈঠকৰ অন্তত জম্মু-কাশ্মীৰ চৰকাৰে আগন্তুক যাত্ৰাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অমৰনাথ যাত্ৰা পথটো এক জুলাইৰ পৰা ১০ আগষ্টলৈ ‘ন’ ফ্লাই’ জ’ন হিচাপে ঘোষণা কৰে।
উল্লেখ্য যে,অহা তিনি জুলাইৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰা ন আগষ্টলৈকে চলিব।প্ৰতি বছৰে ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত বৰফেৰে আবৃত শিৱলিংগৰ গুহা দৰ্শন কৰিবলৈ লাখ লাখ ভক্তৰ ভিৰ হয়। এইবাৰ ৩৭ দিনৰ বাবে অমৰনাথ ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীসকলে।
১৪ এপ্ৰিলৰ পৰা এই যাত্ৰাৰ বাবে পঞ্জীয়ন আৰম্ভ হয়।প্ৰাকৃতিক দুৰ্যোগ আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে সৰ্বাধিক ১৫ হেজাৰ তীৰ্থযাত্ৰীক অমৰনাথ ধামলৈ যাবলৈ অনুমতি দিয়া হৈছে।






























