কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ৯০% সুস্থতাৰ হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা প্ৰথমখন ৰাজ্য হৈছে দিল্লী । এই পর্যন্ত কৰ’নাত সংক্ৰমিত হোৱা ১.৬ লাখ লোকৰ ভিতৰত ১.৪৬ লাখ লোক সুস্থ হৈ উঠিছে বুলি সূত্ৰত প্ৰকাশ পাইছে । তামিলনাডু, বিহাৰ আৰু হাৰিয়ানা এই তিনিখন ৰাজ্যত সুস্থতাৰ হাৰ ৮০% তকৈ অধিক হোৱাৰ বিপৰীতে আন ১৩ খন ৰাজ্যত সুস্থতাৰ হাৰ ৭০% ।
সুস্থতাৰ হাৰ হাৰ বৃদ্ধি পোৱাটো এক ধনাত্মক সূচক বুলি কোৱা হৈছে । মহামাৰীৰ সংক্ৰমণৰ আৰম্ভণিতে সুস্থতাৰ হাৰ তেনেই কম আছিল । কিন্তু বৰ্তমান পৰ্যায়ত আক্ৰান্তৰ সংখ্যাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে সুস্থ হোৱা লোকৰ সংখ্যা । ইয়াৰ উপৰিও কোৱা হৈছে যে, সংক্ৰমিত লোকৰ মাজৰ পৰা ১ শতাংশতকৈ কম লোক মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছে। আনকি মহামাৰীৰ সংক্ৰমণ শেষ হোৱাৰ অন্তিম পৰ্যায়ত সুস্থতাৰ হাৰ হ’বগৈ ৯৯ শতাংশ ।
সমগ্ৰ দেশত মুঠ সুস্থতাৰ হাৰ হৈছে মুঠ ৭৩.৬% । মঙলবাৰে মহাৰাষ্ট্ৰত ১০,৫০০ জন লোক পুনৰ নতুনকৈ সংক্ৰমিত হোৱাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যাই ৭ লাখৰ সীমা অতিক্ৰম কৰে । ইপিনে ৰাজ্যখনত ৫ লাখতকৈ অধিক লোক সুস্থ হৈ উঠাৰ পাছত সুস্থতাৰ হাৰ হয়গৈ ৭৩.১৪% । ৰাজ্যখনত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ২৩,০০০ তকৈ অধিক লোকৰ মৃত্যু হয় ।
অন্যহাতে, এক সূত্ৰ অনুসৰি বিহাৰত মাত্ৰ ৪.৫ শতাংশ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ হাৰো আন ৰাজ্যৰ তুলনাত কম । তেলেংগানাত বিগত পাঁচদিনত প্ৰত্যেকদিনাই প্ৰায় ২৫০০ জন নতুনকৈ আক্ৰান্ত হৈছে কৰ’নাত । মঙলবাৰে ৰাজ্যখনত প্ৰথমবাৰৰ কাৰণে সংক্ৰমিত লোকৰ সংখ্যাই ৩০০০ৰ সীমা অতিক্ৰম কৰে । ইয়াৰ আগতে, ৰাজ্যখনত প্ৰত্যেকদিনাই নতুনকৈ আক্ৰান্ত হৈছিল প্ৰায় ১৫০০ ৰ পৰা ১৮০০ জন লোক । ইপিনে যোৱা মংগলবাৰে বিয়লি অহা তথ্য অনুসৰি কৰ’নাত নতুনকৈ ১৫৪৪ জন আক্ৰান্ত হৈছে । আজি অহা তথ্যৰ মতে কৰ’নাত ১৬৯৩ জন লোক আক্ৰান্ত হৈছে ।