ধেমাজিত আক্ৰান্তৰ সংখ্যা ১৩৮৪ জনলৈ বৃদ্ধি

3coronavirus 82

ধেমাজি জিলাত কৰ’না ভাইৰাছৰ ব্যাপক গণসংক্ৰমন হোৱা পৰিলক্ষিত হৈছে। আজি পুনৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকা ২৪ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে । তেওঁলোকক ইতিমধ্যেই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ১৩৮৪ জনলৈ বৃদ্ধি পালে । ইতিমধ্যেই জিলাখনত ১০৩৭ জন লোক কৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। জিলাখনত ১২৮ জন লোকক হোম আইছ’লেচনত ৰখা হৈছে। ইতিমধ্যে জিলাখনত ২০,০৩৩ জন লোকৰ শৰীৰত ক’ভিড-১৯ ৰ পৰীক্ষা কৰা হৈছে। এতিয়াও ৩৪৭ জন লোক জিলাখনৰ বিভিন্ন ক’ভিড-১৯ হস্পিতালত চিকিৎসাধীন হৈ আছে।

জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে এতিয়া লৈকে ৮ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হৈছে। জিলাখনত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, জিলাকৃষি বিষয়া ধেমাজি চক্ৰ বিষয়াকে ধৰি কে’বাজনো চিকিৎসক ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। কৰ’না ভাইৰাছৰ ব্যাপক গণসংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি জিলাপ্ৰশাসনে ৰাইজক বিনা কাৰণত ওলাই নুফুৰিবলৈ আহবান জনোৱাৰ লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহবান জনায়।

Exit mobile version