১২ হেজাৰ কিলোমিটাৰ দূৰৰ দক্ষিণ মেৰুৰ পৰা শব্দ তৰংগ আহি পালে কলকাতাৰ বাৰাসত

Screenshot 9 1

মেৰু অঞ্চলৰ প্ৰকৃত-পৰিৱেশ আদিৰ সন্দৰ্ভত জ্ঞান অর্জনৰ উদ্দেশ্যেও অভিযাত্ৰী বিজ্ঞানীসকলে সেই স্থানত দীৰ্ঘ দিনলৈ থাকিবলগীয়া হয় ।বৰফেৰে আবৰি থকা ভূমিত শিবিৰ সাজি পৰীক্ষা-নিৰীক্ষা চলোৱাৰ সময়ত বিপৰীত পৰিৱেশৰ লগতো যুজঁ দিবলগীয়া হয় । বিজ্ঞানীসকলে চলাই থকা গৱেষণা কিমান দূৰ আগবাঢ়িল সেই কথা জনাবলৈ প্রতি বছৰে এদিনকৈ ‘ৰেডিঅ’ ছিগনেল’ৰ মাধ্যমত নিজৰ নিজৰ কাম -কাজৰ সম্প্ৰচাৰ কৰা হয়।এইবাৰ সুদূৰ দক্ষিণ মেৰুৰ পৰা প্ৰচাৰিত উক্ত শব্দ তৰংগ এইবাৰ প্ৰথমবাৰৰ বাবে আহি পালে কলকাতাৰ বাৰাসতত ।

দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত হেম ৰেডিঅ’ অপাৰেটৰ বাবুল গুপ্তাই প্ৰথমবাৰলৈ শুনিবলৈ পালে এন্টাৰ্কটিকাৰ শব্দ । ভৌগোলিক দিশৰে বিপৰীত অঞ্চলটোৰ পৰা অহা শব্দ ভাৰতৰ পৰা শুনিবলৈ পোৱাটো অতিকৈ দুৰ্লভ।বহু বছৰ ধৰি অপেক্ষা কৰিলেও এনে ৰেডিঅ’ তৰংগই ধৰা নিদিয়ে । এনে শব্দ শুনিবলৈ বাবুলে বহু বছৰ ধৰি অপেক্ষা কৰি আছিল । এনেদৰেই জীৱনৰ বহু কেইটা বছৰ ব্যয় কৰাৰ পাছত অৱশেষত আহিল সেই ক্ষণতো । পৃথিৱীৰ সকলো দেশৰ স’তে একমাত্ৰ ৰেডিঅ’ তৰংগৰ মাধ্যমত যোগাযোগ স্থাপনৰে এক নিৰ্দশনো সৃষ্টি কৰিছে বাৰাসতৰ এই লোকজনে ।

পশ্চিমবংগৰ ৰেডিঅ’ ক্লাবৰ সদস্য বাবুলে জনায় যে এই সুদীৰ্ঘ অপেক্ষাৰ এদিন সম্পূৰ্ণ হ’বই । লগতে আহিব সাফল্যও অৱশেষত এই সফলতা আহিলো । যোৱা আঠ আগষ্টত দক্ষিণ মেৰুৰ আর্জেন্টিনাত অৱস্থিত এল আৰ এ ৩৬ কেম্পৰ পৰা ৰেডিঅ’ তৰংগৰ মাধ্যমত শব্দ তৰংগ আহি পালে বাৰাসতত । বাবুলে উক্ত স্থানৰ পৰা সম্প্ৰচাৰিত হোৱা অনুষ্ঠান শুনিবলৈ পালে । অনুষ্ঠানৰ বাণীবদ্ধও কৰে বাবুলে । তেওঁ যে অনুষ্ঠান শুনিবলৈ পাইছে সেই কথাৰ প্ৰমাণ হিচাপে বাণীবদ্ধ ৰূপ ই-মেইল যোগে এল আৰ ৩৬ কেম্পলৈ প্ৰেৰণ কৰে । ইয়াৰ উত্তৰো প্ৰদান কৰে দক্ষিণ মেৰুত অৱস্থানকাৰী বিজ্ঞানী দলটোৱে । তেওঁলোকৰ অনুষ্ঠান ১২হেজাৰ কিলোমিটাৰ দূৰৰ পৰা কোনো লোকে শুনিবলৈ পোৱাৰ কথা জানিব পাৰি দলটো আপ্লুত হৈ পৰে ।

Exit mobile version