কোচ ৰাজবংশীসকলক জনজাতিকৰণ তথা চৰকাৰৰ ঘোষিত স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ বিষয়ত পুনৰ চৰকাৰৰ পৰা আশ্বাস লাভ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হ’ল জনগোষ্ঠীটোৰ জাতীয় সংগঠনসমূহে ৷ইয়াৰ লগত অৱশ্যে এইবাৰ যোগ হ’ল কৰ’না ভাইৰাছ সংক্ৰমণৰ অজুহাত ৷উল্লেখ্য যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কে’বাটাও জাতীয় সংগঠনৰ স’তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এক আলোচনাত মিলিত হয় ।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত বৈঠকত কোচ ৰাজবংশী জনগোষ্ঠীৰ এই সংগঠনসমূহে মুখ্যমন্ত্ৰী সোনোৱালৰ হাতত তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ দাখিল কৰি সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনায়।
বৈঠকৰ আৰম্ভণিতে ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মই ৰাজ্য চৰকাৰে ছয় জনজাতিৰ জনজাতিকৰণ, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন আদি বিষয়ত কোচ ৰাজবংশী জাতীয় মহাসভা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী সংগ্ৰাম সমিতি,সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ইত্যাদি সংগঠনসমূহৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ দিশত তৎপৰতাৰে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷
আলোচনাত কোচ ৰাজবংশীসকলকে ধৰি ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যাসমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ তথা ৰাজ্য চৰকাৰে সমান্তৰালভাৱে পদক্ষেপ লৈ আহিছে বুলি কয় মুখ্যমন্ত্ৰী সোনোৱালে । কোচ ৰাজবংশীৰ জনগোষ্ঠীকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিত্ত,স্বাস্থ্য ইত্যাদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্ৰী গোটে ইতিমধ্যে বিভিন্ন জাতীয় সংগঠন তথা সংস্থাৰ স’তে আলোচনাত মিলিত হয় বুলি তেওঁ উল্লেখ কৰে।
ইপিনে ৩১ আগষ্টৰ পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশনত বিধেয়কখন উত্থাপন কৰা হ’ব নে নহয় সেই সম্পৰ্কে নজনালে ৷ এই সভাত কোচ ৰাজবংশীৰ বিভিন্ন বিভাগীয় সদস্যসকল উপস্থিত থকাৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী,মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী ,অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগ আয়ুক্ত সচিব ড° এম অংগমুথুকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ৷