দিছপুৰে ঘোষণা কৰা ১২৫ কোটি টকাৰ পৰা বঞ্চিত চাৰি জনগোষ্ঠী

Sonowal12 1481380790

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠাৰ সময়তে যোৱা ২১ আগষ্টত সৰ্বানন্দ সোনোৱাল চৰকাৰে মৰাণ, মটক, আহোম, চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১২৫ কোটি প্ৰদানৰ ঘোষণা কৰিছিল । কিন্তু জনগোষ্ঠী কেইটাক কৰ’না পৰিস্থিতি অজুহাত দি চৰকাৰে ৬২.৫ কোটি টকা মোকলাই দিয়া হ’ব বুলি প্ৰকাশ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সংশ্লিষ্ট সংগঠন কেইটাই ।

উল্লেখযোগ্য যে এই সংগঠনকেইটাৰ উন্নয়নৰ কাৰণে ধন মোকলাই দিয়াৰ সন্দৰ্ভত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকয়ে ইতিমধ্যে জনগোষ্ঠীকেইটাৰ সংগঠনসমূহৰ পৰা বিভিন্ন উন্নয়নমূলক কামৰ প্ৰাককলন গ্ৰহণ কৰিছে ৷ প্ৰতিখন জিলাৰ উপায়ুক্তক লৈ এই উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ একোখনকৈ সমিতি গঠন কৰি চৰকাৰে সংশ্লিষ্ট জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ধন মোকলাই দিয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে ৷

কিন্তু ঘোষণাকৃত ১২৫ কোটি টকাা বিপৰীতে ৬২.৫ কোটিকৈ টকাহে মোকলাই দিবলৈ ওলোৱাত সংগঠনসমূহে অসন্তুষ্টি প্ৰকাশ কৰিছে । কৰ’না পৰিস্থিতিৰ অজুহাত দি বাকী থকা ধনৰ অংশ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত তথা আগন্তুক নিৰ্বাচনৰ আগত যে মুকলি কৰি দিয়াৰ আশা নাই বুলিও সংগঠনসমূহে আশংকা প্ৰকাশ কৰিছে ৷

ইফালে বৰ্তমান সময়ত জনগোষ্ঠী কেইটাৰ পৰা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ে যাৱতীয় নথি পত্ৰ সংগ্ৰহ কৰিছে যদিও নিৰ্বাচনৰ আগমুহূৰ্তলৈকে এই ধন মোকলাই দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে নিৰ্ভৰযোগ্য সূত্ৰই । কিন্তু চৰকাৰে ঘোষণা কৰা মুঠ ধনৰ আধা টকা মোকলাই দিবলৈ বিচৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে সংগঠনে সমূহে আৰু ঘোষণাৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

উল্লেখযোগ্য যে মৰাণ মটক কোচ ৰাজবংশীৰ স্বায়ত্ত্বশাসিত পৰিষদ আৰু কোচ ৰাজবংশী তাই আহোম চুতীয়া জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাৰ কথা যোৱা ডিচেম্বৰত চৰকাৰে ঘোষণা কৰিছিল যদিও এইক্ষেত্ৰত বৰ্তমানলৈকে কোনো তৎপৰতা চৰকাৰখনে অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন কৰিছে জনগোষ্ঠী কেইটাৰ নেতৃত্বই ।

দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে বিগত সময়ত ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰি বিজেপি চৰকাৰক চলিত বৰ্ষতে জনগোষ্ঠীকেইটাৰ উন্নয়নৰ বাবে ঘোষণা কৰা প্ৰতিটো দফা কাৰ্যকৰী কৰি তুলিবলৈ দাবী জনায় ।

Exit mobile version