মংগলৰ দেশলৈ নাছাৰ উড়ান

bob heli 16

পৃথিৱীৰ বাহিৰে অন্য গ্ৰহৰ প্ৰতি উৎসুকতা সকলোৰে আছে ৷ বিজ্ঞানেও অন্য গ্ৰহত মানুহ থাকিব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে দীৰ্ঘদিন ধৰি চিন্তা চৰ্চা কৰি আহিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অনতিপলমে মংগলগ্ৰহলৈ ২০ কিলোগ্ৰাম ওজনৰ ৫ খন যান পৃথিৱীৰ পৰা যাব ৷ মংগলৰ দেহত ক’ত কি আছে, কোনটো অঞ্চলৰ উচ্চতা কিমান, গহ্বৰ আছে নে নাই, সেই সকলোবোৰ নিৰীক্ষণ কৰিব এই যান কেইখনে ৷

লগতে যান কেইখনে পঠোৱা ছবিৰ পৰা গৱেষণাৰ কৰিবলৈ বহু সুবিধা হ’ব বুলি আশা কৰিছে বিজ্ঞানীসকলে ৷ নাছাৰ এখন কৰ্ণাধাৰ সমিতিৰ চিফ ইঞ্জিনীয়াৰ জে বব বলৰামে কয় “এইয়া এক সপোনতকৈ কোনো গুণে কম নহয় । এই উড়ান হ’ব মংগলৰ ৰঙা আকাশত ৷ এই উড়ান সফল হ’লে শনি, বৃহস্পতিৰ দিশেও উড়ান নিশ্চিত হ’ব ৷”

বলৰাম লগতে কয় “পৃথিৱী পৰা যিকোনো গ্ৰহ উপগ্ৰহ যাবলৈ তিনিটা কথা অতি গুৰুত্বপূৰ্ণ । ইয়াৰে প্ৰথমটো হ’ল এন্ট্ৰি ৷ দ্বিতীয়টো হ’ল ডিচেন্ট ৷ আৰু শেষত আটাইতকৈ প্ৰয়োজনীয় হ’ল নিখুঁত লেণ্ডিং ৷ বিজ্ঞানৰ মতে “পৃথিৱীত ১লাখ ফুট বা চাৰে ৩০ হাজাৰ মিটাৰ উচ্চতাত উৰা আৰু মংগলৰ যান কাৰ্যত আকাশ পাতাল পাৰ্থক্য । কিন্তু পৃথিৱীত বিমান উৰে তাৰ সাত ভাগৰ এক ভাগ উচ্চতাত ৷

আনহাতে মংগল গ্ৰহলৈ যিসমূহ যান পঠোৱা হ’ব সেইসমূহৰ ওজনো সৰ্বাধিক । কিন্তু অনাগত সময়ত মংগল গ্ৰহলৈ পঠোৱা এই যানৰ জৰিয়তে বিজ্ঞানীসকলৰ গৱেষণাত যথেষ্ট সুবিধা হ’ব বুলি আশা কৰিছে সকলোৱে ৷

Exit mobile version