১৯ ঘণ্টা পাছত ধ্বংসস্তূপৰ মাজত উদ্ধাৰ হ’ল এটি কণমানি

Screenshot 12 1

ঘটনাৰ ১৯ ঘণ্টাৰ পাছত ধ্বংসাৱশেষত পৰিণত হোৱা এটি অট্টালিকাৰ পৰা উদ্ধাৰ কৰা হৈছে এটি চাৰি বছৰীয়া শিশুক । মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভাঙি পৰা পাঁচ মহলীয়া আৱাসগৃহ এটাৰ ধ্বংসস্তূপৰ মাজত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আবদ্ধ হৈ আছিল শিশুটি । ঘটনাৰ পাছতে ধ্বংসস্তূপৰ মাজত আবাসীসকলক উদ্ধাৰ কৰিবলৈ এন ডি আৰ এফে অভিযান চলায় যদিও আঘাতপ্ৰাপ্ত মহম্মদ বাংগি নামৰ শিশুটিক উদ্ধাৰ কৰিবলৈ পৰা নাছিল ।

ভগ্ন আৱাসগৃহটোৰ ধ্বংসস্তূপৰ মাজত উদ্ধাৰ কাৰ্য চলাই থকা অভিযানকাৰীয়ে হঠাতে শিশুৰ কন্দাৰ শব্দ শুনিবলৈ পোৱাৰ পাছতে সকলোৱে চমক খাই উঠে । লগে লগে ধ্বংসস্তূপৰ মাজৰ পৰা উলিয়াই অনা হয় কণমানিটোক । শিশুটিক উদ্ধাৰৰ সময়ত মৃত মাতৃৰ শৰীৰটো কাষতে পৰি আছিল নিথৰ হৈ । মাতৃৰ কাষতে মহম্মদ বাংগিৰ বায়েক আৰু ককায়েকৰ মৃতদেহো পৰি আছিল । এটুপি পানীৰ বাবে নিৰৱচ্ছিন্নভাৱে কান্দি আছিল কণমানিটোৱে । মাতৃৰ শৰীৰে আৱৰি ৰখাৰ বাবেই শিশুটিৰ জীৱন ৰক্ষা পৰিল বুলি উদ্ধাৰকাৰীসকলে ধাৰণা কৰিছে ।

ধ্বংসস্তুপৰ মাজৰ পৰা উলিয়াই অনাৰ সময়ত মহম্মদৰ চকুৰ অভিব্যক্তিয়েই স্পষ্ট কৰি দিছে সেই সময়ত নতুন জীৱন লাভ কৰাৰ অনুভৱ কেনে আছিল । চিকিৎসকে জনোৱা অনুসৰি শিশুটিয়ে মূৰত গুৰুতৰ আঘাত পালেও সম্প্ৰতি সম্পূৰ্ণ শংকামুক্ত অৱস্থাত আছে । উল্লেখ্য যে অট্টালিকাটোত ৪৭টা পৰিয়ালৰ দুই শতাধিক লোকে বসবাস কৰিছিল । ভাঙি পৰা আবাসগৃহটোৰ ধ্বংসস্তূপৰ মাজৰ পৰা ১২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

Exit mobile version