২০বছৰজোৰা এক অন্তহীন অপেক্ষাৰ অন্ত ঘটিল হিন্দু ধৰ্মাৱলম্বী আয়াৰলেণ্ডবাসীৰ । দেশ খনত বাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিলে এটি মন্দিৰ । ৰাজধানী চহৰ ডাবলিনত আনুষ্ঠানিক ভাৱে মন্দিৰটো মুকলি কৰা হয় । আয়াৰলেণ্ডত বৰ্তমান সময়ত ২৫হেজাৰৰো অধিক হিন্দু ধৰ্মাৱলম্বীলোক বসবাস কৰি আছে ।
এই মন্দিৰটো মুকলি কৰাৰ পূৰ্বে দেশখনৰ হিন্দু ধৰ্মাৱলম্বীলোক সকলে পূজা অথবা প্ৰাৰ্থনা কৰিবলৈ কোনো স্থায়ী স্থান লাভ কৰা নাছিল । কোনো অনুষ্ঠানৰ বাবে হিন্দু লোকসকলে সমবেত হ’বলৈ হ’লে কোনো সভাগৃহ ভাড়াত ল’বলগীয়া হৈছিল । সেয়েহে মন্দিৰটো হৈ উঠাত আয়াৰলেণ্ডৰ হিন্দুলোকসকল স্বাভাৱিকতে আনন্দিত হৈ উঠিছে ।
আয়াৰলেণ্ড বৈদিক হিন্দু সংস্কৃতি কেন্দ্ৰৰ পৰিচালক সুধাংশ বাৰ্মাকে ধৰি কিছু সংখ্যক লোকে যোৱা প্ৰায় দুটা দশক ধৰি হিন্দু মন্দিৰ এটি প্ৰতিষ্ঠা কৰিবলৈ দেহে কেহে লাগি আছিল । গৃহ হীন লোকৰ আবাসৰ বাবেও পৰিকল্পনা কৰা হ’ব বুলি মন্দিৰ কেন্দ্ৰৰ পৰিচালকে জনাইছে । লগতে সকলো দুখীয়া লোকে যাতে দৈনিক দুবেলা খাদ্য লাভ কৰে তাৰবাবেও মন্দিৰৰ তৰফৰ পৰা ব্যৱস্থা কৰা হ’ব বুলি জনাইছে কেন্দ্ৰৰ পৰিচালক বাৰ্মাই ।