চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

unnamed 6

◆ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অন্তিমবৰ্ষৰ পৰীক্ষা সমূহ ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ আজি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে । ৰাজ্য চৰকাৰেও পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব নোৱাৰিব।
◆ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ আৰু নিম্ন প্ৰাথমিকৰ নিয়মীয়া পদত ৫,৩১৯জন শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰে ।

◆ অসমীয়া চলচিত্র জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে। ৰাজ্যত এই পর্যন্ত হ্ৰাস পোৱা নাই কৰ’নাৰ সংক্ৰমণ । তলাবন্ধ শিথিল হোৱাৰ পাছতো ব্যাপক হাৰত বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পুনৰ তলাবন্ধ ঘোষণাৰ ইংগিত প্ৰদান কৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
◆ এই পর্যন্ত ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯৮,৮০৭ জন । ইয়াৰ ভিতৰত সুস্থ হৈ ঘৰলৈ উভতে ৭৯,৩০৭ জন আৰু মৃত্যু হয় মুঠ ২৭৮ জনৰ ।
◆ জাপানৰ প্রধানমন্ত্ৰী শ্বিনজ’ আবে আজি স্বাস্থ্যজনিত কাৰণত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰে ।
◆ বিগত তিনি সপ্তাহ ধৰি দিল্লীৰ আৰ্মী হাস্পতালত ভৰ্তি হৈ আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী । শুক্ৰবাৰে আৰ্মী হাস্পতালৰ কৰ্তৃপক্ষই তেখেতৰ স্বাস্থ্যৰ সন্দৰ্ভত কয় যে, বৰ্তমান তেখেতৰ শৰীৰত ৰক্ত সঞ্চালন স্বাভাৱিক । চিকিৎসকৰ পৰ্যবেক্ষণত তেওঁক ভেন্টিলেটৰত ৰখা হৈছে ।
◆ আইপিএলৰ ‘চেন্নাই চুপাৰ কিংছ’ দলৰ ১০ জন ক্রিকেটাৰৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ । উল্লেখ্য যে, মহেন্দ্ৰ সিং ধোনীৰ টীমটোৱে শুক্ৰবাৰৰ পৰা ডুবাইত প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা আছিল । কিন্তু তাৰ আগতেই কৰ’নাৰ পৰীক্ষাত টীমটোৰ বলাৰকে ধৰি আন কে’বাজনৰো শৰীৰত ধৰা পৰে ক’ভিড-১৯।
◆ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তত চিবিআইয়ে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌৱিক চক্ৰৱৰ্তী, বন্ধু সুৰজ পিঠানী, ৰান্ধনী নীৰজ সিং আৰু কেশৱ বাচনাৰ নামৰ সুশান্তৰ সৈতে কাম কৰা লোকজনক প্ৰায় ১৪ঘন্টা জেৰা চলোৱাৰ পাছত আজি সোধ পোচৰ বাবে ৰিয়া চক্ৰৱৰ্তী উপস্থিত হয় ডি আৰ ডি অ’ কাৰ্যালয়ত। কিছুদিনৰ বাবে অব্যাহত থাকিব জেৰা ।

Exit mobile version