শুক্ৰবাৰে জাপনৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ গ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে, স্বাস্থ্যজনিত কাৰণত মই এই সিদ্ধান্ত লৈছো । বিগত কিছুদিনৰ পৰা আবে স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল । লগতে আবে কয় যে, এই অৱস্থাৰ বাবে তেওঁ নতুনকৈ চিকিৎসা গ্ৰহণ কৰিব লাগিব । নিয়মিতভাৱে স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ আৱশ্যকতা থকাৰ হেতুকে তেওঁ নিজৰ কৰ্তব্য পালনত পৰ্যাপ্ত সময় দিব নোৱাৰিব, সেয়ে তেওঁ এই অৱস্থাত পদত্যাগ কৰাটো প্ৰয়োজনীয় ।
প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বাবে যাতে দেশখনৰ প্ৰগতিত কোনো বাধা নাহে এই কথাও চিন্তা কৰিছে চিন’জ আবেই । অন্যহাতে, ২০০৭ত প্ৰথম কাৰ্যকালত পদত্যাগ কৰা আবেয়ে দ্বিতীয়বাৰ পদত্যাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ক্ষমা বিচাৰিছে ।
উল্লেখ্য যে, ২০১২ ত তেওঁ পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত স্বাস্থ্যজনিত সমস্যাৰ আৱশ্যকীয় ঔষধৰ সহায়তহে কাৰ্যালয়ত নিজৰ কাম সম্পাদন কৰিছিল । আনহাতে, যদি আবেৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ তাৎক্ষণিক ভাৱে কাৰ্যালয় ত্যাগ কৰাৰ প্ৰয়োজন হয়, তেন্তে কাম-কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত কাৰ্যবাহক চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব ।