ভগৱানৰ কোপদৃষ্টি! মন্দাৱস্থাৰ সন্মূখীন হ’ব পাৰো : বিত্তমন্ত্ৰী

Nirmala Sitharaman 1589366001

কৰ’নাৰ কবলত আক্ৰান্ত দেশৰ অৰ্থনীতিৰ অৱস্থা থৰক-বৰক। বিশেষকৈ সামগ্ৰী আৰু জি এছ টি সংগ্ৰহত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। ২০২১ ৰ বিত্তীয় বৰ্ষত এই পৰ্যন্ত ২.৩৫ লাখ কোটিৰ জি এছ টি ঘাটি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই তথ্য সদৰী কৰে। ৰাজ্যসমূহৰ জি এছ টি আদায় বৃহৎ ঘাটিৰ সন্মূখীন হোৱাত ইয়াৰ পৰা সকাহ বিচাৰি কেন্দ্ৰৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে ৰাজ্য চৰকাৰসমূহে।

এনে পৰিপ্ৰেক্ষিততে জি এছ টিৰ নীতি নিৰ্ধাৰক সমিতিৰ কালি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত নিৰ্মলা সীতাৰমনে কয় যে কৰ’না ভাইৰাছ ঈশ্বৰৰ ক্ৰিয়া। এই অদৃশ্য পৰিস্থিতিয়ে জি এছ টিৰ সংগ্ৰহ বাধাগ্ৰস্ত কৰিছে। বৈঠকত ৰাজ্যসমূহৰ ঘাটি পূৰণৰ বাবে দুটা উপায় নিৰ্ণয় কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাজ্যসমূহক সাতদিন সময় দিয়া হৈছে । সীতাৰমণে কয়, ‘এই বছৰ আমি অভূতপূৰ্ব পৰিস্থিতিৰ মুখামুখি হৈছো। ভগৱানৰ এনে কোপদৃষ্টিত পৰিছো যে মন্দাৱস্থাৰ সন্মুখীন হ’ব পাৰো।’

তথ্য অনুসৰি, ২০২০ ৰ বিত্তীয় বৰ্ষত কেন্দ্ৰই ৰাজ্যসমূহক ১. ৬৫ লাখ কোটি টকা জি এছ টিৰ ক্ষতিপূৰণৰূপে মোকলাই দিছে। ইয়াৰে ভিতৰত আছে মাৰ্চৰ বাবে ১৩,৮০৬ কোটি টকা। এই তথ্য সদৰী কৰি সীতাৰমণে কয় যে জি এছ টিৰ ক্ষতিপূৰণৰ বাবে সংগ্ৰহ কৰা উপ-কৰৰ পৰিমাণ মাত্ৰ ৯৫,৪৪৪ কোটি। ক’ৰনা পৰিস্থিতিত ৰাজহ ঘাটিৰ বাবে ক্ষতিপূৰণ বিচাৰি ৰাজ্যসমূহে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অনু্ষ্ঠিত হয়।

‘ৰাজ্যসমূহৰ সন্মুখত দুটা বিকল্প দিয়া হৈছে। আমি আৰ বি আইৰ জৰিয়তে সহজ কৰি দিব পাৰো। ৰাজ্যসমূহে এক প্ৰ-পত্ৰৰ জৰিয়তে দুয়োটা বিকল্প আমাক আজি দাঙি ধৰিবলৈ কয় আৰু সাতদিন সময় বিচাৰে। আমি অৰ্থাৎ জি এছ টি ৰ বিষয়ে এখন সৰু বৈঠক কৰিব পাৰিম। দুটা দুমহীয়া কিস্তিৰ ধন আদায় এইবাৰ পলম হৈছে। আমি মাত্ৰ এই বছৰৰ বাবে বিছাৰিছো। অহা এপ্ৰিলত জি এছ টি পৰিষদে ধন আদায় বিষয়টো চোৱাচিতা কৰিব পাৰিম।’ সীতাৰমণে এইদৰে কয় ।

ইপিনে, কংগ্ৰেছ শাসিত তথা বিজেপিৰ বাহিৰে আন দলে শাসন কৰা ৰাজ্যসমূহৰ তৰফৰ পৰা কোৱা হয় যে জি এছ টি ৰ প্ৰাপ্য আদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰ আইনগত দায়ৱদ্ধ। কেন্দ্ৰৰ মতে কৰ সংগ্ৰহ কম হ’লে এনে কোনো বাধ্যবাধকতা নাই। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ যে কৰ’না আৰু তলাবন্ধৰ ফলত ২০২০ – ২১ বিত্তীয় বৰ্ষত ৰাজ্যসমূহৰ জি এছ টি ঘাটি হব পাৰে ২.৩৫ লাখ কোটি টকা ।

২০১৭ ৰ এক জুলাইৰ পৰা জি এছ টি বলৱৎ হয়। এই আইনমৰ্মে পাঁচ বছৰৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰই ক্ষতিপূৰণ আদায় দিব লাগে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে ষ্পষ্ট কৰি দিয়ে যে চৰকাৰী তহবিলৰ পৰা ৰাজ্যসমূহৰ এই জি এছ টি ক্ষতিপূৰণ দিয়া নহ’ব,তাৰ সলনি বিকল্প আগবঢ়োৱা হৈছে। কেন্দ্ৰৰ হিচাপ মতে চলিত বিত্তীয় বৰ্ষত ৰাজ্যসমূহৰ জি এছ টি ক্ষতিপূৰণ মুঠ তিনি লাখ কোটি টকা হ’ব পাৰে। তাৰ পাছত ৬৫ হেজাৰ কোটি টকা উপ-কৰৰ জৰিয়তে আদায় কৰা সম্ভৱ হব পাৰে।

ফলত ৰাজ্যসমূহৰ ক্ষতিপূৰণৰ বাবদ প্ৰাপ্য হৈছে ২.৩৫ লাখ কোটি টকা। তাৰ ভিতৰত ৯৭ কোটি টকা জি এছ টিৰ বাবদ ঘাটি। বাকী টকা বকেয়াৰ বাবে কৰ’নাৰ প্ৰভাৱক বিত্তমন্ত্ৰীয়ে দায়ী কৰিছে। পাঁচ ঘণ্টা জোৰা ভিডিঅ’ কনফাৰেন্সিঙৰ বৈঠকত এই তথ্য দাঙি ধৰে ৰাজহ সচিব অজয়ভূষণ পাণ্ডেই।

তেওঁ প্ৰস্তাৱ দিয়ে যে ৰাজ্যসমূহক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ জৰিয়তে এক বিশেষ ব্যৱস্থা অনুসৰি ঘাটি পূৰণৰ পদক্ষেপ লোৱা হ’ব। প্ৰথম বিকল্প হ’ল ৰাজ্যসমূহক পাঁচ বছৰৰ বাবে ৯৭ হেজাৰ কোটি টকা ঋণৰ ব্যৱস্থা কৰা হ’ব । দ্বিতীয়তে এই পদ্ধতিৰে মুঠ ২.৩৫ লাখ কোটি টকা ঋণ আদায়ৰ সুযোগ পাব।

Exit mobile version