সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত তদন্তত থকা চিবিআইয়ে ৰিয়াক উত্থাপন কৰিলে ১০টা প্ৰশ্ন

ৰিয়া চক্ৰৱৰ্তীয়ে সংবাদমাধ্যমৰ পৰা বিমোৰত পৰি মানসিক যান্ত্ৰণাত ভুগিছে বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ এদিন পাছতে চিবিআইৰ তদন্তৰ বাবে উপস্থিত হ’বলগীয়া ডি আৰ ডি অ’ কাৰ্যালয়ত ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আজি চিবিআইয়ে ২৪ বছৰীয়া অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ১০ টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, সুশান্ত সিং ৰাজপুত আৰু ৰিয়া চক্ৰৱৰ্তীৰ এবছৰীয়া সম্পৰ্কৰ পাছত সুশান্তৰ মৃত্যুৰ ৬ দিন আগত অৰ্থাৎ ৮ জুন তাৰিখে সুশান্তৰ ঘৰ এৰিছিল ৰিয়াই।

প্ৰশ্নসমূহ আছিল এনেধৰণৰ –

◆ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ কোনে দিছিল আৰু সেইসময়ত ৰিয়া ক’ত আছিল?
◆ মৃত্যুৰ খবৰ শুনি সুশান্তৰ বান্দ্ৰাস্থিত গৃহত গৈছিল নে? যদি যোৱা নাই তেন্তে কিয়, কেতিয়া আৰু ক’ত সুশান্তৰ মৃতদেহটো দেখা পাইছিল?
◆ ৮ জুনত কিয় সুশান্ত সিঙৰ ঘৰ ত্যাগ কৰিছিল?
◆ তৰ্কাতৰ্কি বা কাজিয়াৰ সূত্ৰপাত হোৱাৰ ফলত ৰিয়াই সুশান্তৰ ঘৰ ত্যাগ কৰিছিল নেকি?
◆ সুশান্তৰ ঘৰৰ পৰা গুচি অহাৰ পাছত ৯ জুনৰ পৰা ১৪ জুনলৈ কিবা কথাবার্তা হৈছিল নে? যদি হৈছিল, তেন্তে কি হৈছিল আৰু যদি হোৱা নাছিল তেন্তে কিয়?
◆ উক্ত দিনকেইটাত সুশান্তই ৰিয়াৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল নেকি? ৰিয়াই সুশান্তৰ মেছেজ আৰু ফোনক’লৰ ইগনৰ কৰিছিল নেকি? যদি কৰিছিল কিয়? কিয় ৰিয়াই সুশান্তৰ নম্বৰ ব্লকলিষ্টত ৰাখিছিল?
◆ সুশান্তই ৰিয়াৰ পৰিয়ালৰ অন্য কোনো সদস্যৰ সতে কথা পতাৰ চেষ্টা কৰিছিল নেকি?
◆ সুশান্তৰ স্বাস্থ্য সংক্রান্তীয় সমস্যা আৰু চিকিৎসাৰ বিৱৰণ । চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু সুশান্তই লোৱা ঔষধৰ সবিশেষ ।
◆ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লগত ৰিয়াৰ কি সম্বন্ধ আছিল?
◆ কিয় ৰিয়াই চি বি আই তদন্তৰ দাবী কৰিছিল?

অন্যহাতে, এক সূত্ৰ অনুসৰি ৰিয়াৰ সোধপোচ আৰু কিছুদিনলৈ জাৰি ৰখা হ’ব ।

Exit mobile version