২০৩০লৈ সম্পূৰ্ণ বৈদ্যুতিকৰণ হ’ব ভাৰতীয় ৰেল, শূণ্যলৈ হ্রাস পাব কাৰ্বন নিঃসৰণ

694852 piyush goyal pti

বিশ্বৰ ভিতৰত চতুৰ্থ বৃহত্তম ভাৰতীয় ৰেলে অহা এটা দশকৰ ভিতৰতে এই বিশেষ লক্ষ্যত উপনীত হ’ব । ৰেলমন্ত্ৰী পীয়ুষ গোয়েলে এক টুইট কৰি এই কথা জনাইছে । ৰেলমন্ত্ৰী গোয়েলে টুইটটোত কয়, ‘২০৩০ ৰ ভিতৰত আমাৰ ৰেল নেট জিৰ’ ৰেলৱে হ’ব । ভাৰতীয় ৰেলৰ কাৰ্বন নিঃসৰণ শূণ্যলৈ হ্ৰাস পাব ।’

গোয়েলে পুনৰ কয় যে প্ৰতি বছৰে আঠ কোটি যাত্ৰী আৰু ১২০ কোটি টন সামগ্ৰী পৰিবহণ কৰে ভাৰতীয় ৰেলে । পৃথিৱীত ইমান বৃহৎ আকাৰৰ ৰেলৱে প্ৰথমবাৰলৈ সম্পূৰ্ণ ‘গ্ৰীণ’ হৈ উঠিব । ভাৰতত মুঠতে ৬৭ হেজাৰ ৩৬৮ কিলোমিটাৰ দীঘলীয়া ৰেলপথ আছে । নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি ২০১৪ ত ভাৰতীয় ৰেলে ৬৮ লাখ ৪০ হেজাৰ টন কাৰ্বন নিঃসৰণ কৰিছিল ।

সম্প্রতি কাৰ্বন নিঃসৰণ হ্ৰাস কৰিবলৈ ডিজেল ইঞ্জিনৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমাই আনি সম্পূৰ্ণ ভাৱে বৈদ্যুতিক ব্যৱস্থাৰ অধীনলৈ অনা হ’ব ভাৰতীয় ৰেলক । যোৱা বছৰ কয়লা আৰু ডিজেল নির্ভৰতা হ্ৰাস কৰি আনি ভাৰতীয় ৰেলক বৈদ্যুতিকৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰেল মন্ত্রণালয়ে ।

বৰ্তমান সেই লক্ষৰেই যে ভাৰতীয় ৰেলে অগ্ৰসৰ হৈছে ৰেলমন্ত্ৰীৰ টুইট তেনে কথাৰে উমান দিলে । বৈদ্যুতিক ব্যৱস্থা আৰম্ভ হ’লে ৰেলৰ গতি বৰ্তমানতকৈ ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি পাব বুলি জনাইছে ভাৰতীয় ৰেল ব’ৰ্ডৰ তৰফৰ পৰা ।

Exit mobile version