অসমৰ লাভলিনা বৰগোহাঁইলৈ অৰ্জুন বটাঁ

Lovlina Borgohain

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি খেলুৱৈ আৰু কোচ্চসকলক পুৰস্কৃত কৰা হয়। অসমৰ ষষ্ঠগৰাকী খেলুৱৈ হিচাপে অৰ্জুন বটাঁ গ্ৰহণ কৰে অসম কন্যা লাভলিনা বৰগোহাঁইয়ে ।বৰ্তমান চণ্ডীগড়ৰ প্ৰশিক্ষণ কেন্দ্ৰত থকা লাভলিনাই তাৰ পৰাই গ্ৰহণ কৰে এই অজুৰ্ন বটাঁ।কৰ’না মহামাৰীৰ কাৰণে প্ৰথমবাৰ এৱাৰ্ড শ্ব’ ৰাষ্ট্ৰপতি ভৱনত নহৈ ভাৰ্চুৱেলৰ জৰিয়তে হয় ।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিভিন্ন ধৰণে সাতটা বিভাগত ৭৪ জন খেলুৱৈ আৰু কোচ্চক পুৰস্কৃত কৰে ৷ভাৰ্চুৱেল এৱাৰ্ড অনুষ্ঠানত ৭৪ গৰাকী খেলুৱৈৰ পৰিৱৰ্তে ৬০ গৰাকী খেলুৱৈ অন্তৰ্ভূক্ত আছিল।

ক্ৰীড়া মন্ত্ৰণালয়ৰ প্ৰট’কল অনুসৰি প্ৰত্যেক খেলুৱৈ আৰু কোচ্চক এৱাৰ্ড অনুষ্ঠানত প্ৰৱেশৰ প্ৰাকমুহূৰ্তত কৰ’না পৰীক্ষা কৰে ৷ইপিনে মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালে পি পি ই কীট পৰিধান কৰি ষ্পৰ্টচ অথৰিটি অফ ইণ্ডিয়াৰ বেংগালুৰুত পুৰস্কাৰ লয়।

আনহাতে প্ৰথমবাৰৰ কাৰণে একেলগে পাঁচজন খেলুৱৈক খেল ৰত্ন পুৰস্কাৰ দিয়া হয়। মল্লযোদ্ধা ৰোহিত ফোগাত কৰ’নাত আক্ৰান্ত হোৱাৰ কাৰণে এই অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে ৷ ৰোহিত শৰ্মাও আইপিএলত ব্যস্ত থকাৰ কাৰণে ভাগ ল’ব নোৱাৰিলে এই অনুষ্ঠানত ৷ইয়াৰ উপৰ টেবুল টেনিছ খেলুৱৈ মণিকা বত্ৰাৰ লগতে বহু খেলুৱৈ এই অনুষ্ঠানত ভাগ লয়।

এই অনুষ্ঠান উপলক্ষে সকলো খেলুৱৈক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় ” আপোনালোকে প্ৰমাণ কৰিলে যে প্ৰবল ইচ্ছা শক্তি,আত্মবিশ্বাস আৰু একাগ্ৰতাৰে কাম কৰিলে আমাৰ জীৱনত সন্মুখীন হোৱা বাধাসমূহ আঁতৰ হয়। আপোনালোক সকলোৰে আদৰ্শ। আপোনালোকে বৰ্ষজোৰা একাগ্ৰতা,আত্মবিশ্বাসৰ বলত এই পৰিচয় তৈয়াৰ কৰিছে “৷ ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজিজুয়ে কয় “খেলুৱৈসকল আমাৰ ৰাষ্ট্ৰীয় সম্পত্তি। মই সকলো নাগৰিকক আহ্বান কৰিছো যাতে খেলুৱৈসকলক উৎসাহিত কৰক। মই সকলো খেলুৱৈলৈ শুভকামনা জনাইছো।

ইপিনে এই অনুষ্ঠানৰ এদিন পূৰ্বে কোচ্চ পুৰুষোত্তম ৰায়ৰ দেহাৱসান ঘটে ৷তেওঁলৈ আগবঢ়োৱা হৈছিল দোৰ্ণাচাৰ্য জীৱনযোৰা সাধনা বঁটা ৷

Exit mobile version