ডিচেম্বৰত Tejas ক লৈ আহি আছে বলীউডৰ কুইন কংগনা ৰানাউটঃউৎসুক অনুৰাগী

jpg 4

যুদ্ধ বিমানৰ সাহসী আৰু শক্তিশালী পাইলটসকলৰ জীৱনক লৈ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে লৈ আহিছে “Tejas” ৷ছবিখন ছবি গৃহত মুক্তি পাব ডিচেম্বৰত।আনহাতে ভাৰতীয় বায়ুসেনা বাহিনীত মহিলাসকলৰ অৱদান ভিত্তিক কাহিনীহে প্ৰাধান্য পাব ছবিখনত ।

ছবিখনৰ সম্পৰ্কত অতিকৈ আগ্ৰহী অভিনেত্ৰী কংগনা ৰানাউট ।ছবিখনৰ সন্দৰ্ভত কংগনাই কয়”এই ছবিখনত অংশ ল’বলৈ পায় মই বহুত সুখী অনুভৱ কৰিছো । লগতে বায়ুসেনা বাহিনীৰ সাহসী যোদ্ধাসকলৰ পোচাকে বাৰুকৈয়ে আকৃষ্ট কৰিছে কংগনাক। কংগনাই কয়”দেশবাসীৰ কাৰণে প্ৰতিদিনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰা বায়ুসেনা বাহিনীৰ জীৱনক ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত তুলি ধৰিবলৈ পায় মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো “৷

আনহাতে Tejas ক পৰিচালনা কৰিছে Sarvesh Mewara ।প্ৰযোজনা RSVP ম’ভিছৰ ।RSVP য়ে পূৰ্বতে Uri:The Surgical Strike নিৰ্মাণ কৰিছিল।

পৰিচালক Mewara য়ে কয় “মোৰ ছবিখন ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। আমি সেনা বাহিনীৰ জীৱনটোক পাৰ্যমানে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। লগতে Mewraye কংগনাৰ বিষয়ে কয় “কংগনা এগৰাকী শক্তিশালী অভিনেত্ৰী। গতিকে আমি তেওঁৰ লগত অভিনয় কৰিবলৈ উৎসুকতাৰে বাট চাই আছো ।

উল্লেখযোগ্য যে কংগনাক শেহতীয়াকৈ দেখা গৈছিল পাংগা নামৰ ছবিখনত ৷সম্প্ৰতি কংগনা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৷

Exit mobile version