ভাৰত পাক আন্তৰাষ্ট্ৰীয় সীমান্তত কোনে কিয় খান্দিলে বৃহৎ সুৰংগ?

জম্মুৰ ভাৰত পাক সীমান্তৰ আন্তৰাষ্ট্ৰীয় সীমাত পোৱা এটা সুৰংগক লৈ উত্তেজনা অব্যাহত আছে ৷সীমান্ত সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা এই সুৰংগটো কোনে, কেনেকৈ খান্দিলে সেই বিষয়ে তদন্ত কৰি থকা হৈছে। আনহাতে সুৰংগটোৰ জৰিয়তে সন্ত্ৰাসবাদীৰ আহ যাহ বা বিভিন্ন মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ কৰে বুলি সন্দেহ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

এক বিশেষ সূত্ৰৰ মত অনুযায়ী সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া ৰাকেশ অস্থানাই সীমান্তত সকলো কামাণ্ডাৰক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ দিছিল। তেনে সময়তে উদ্ধাৰ হয় এই সুৰংগটো ।

ইফালে সুৰংগটোত অভিযান কৰোতে পাকিস্তানত নিৰ্মিত এটা প্ৰকাৰৰ বিড়ী উদ্ধাৰ কৰা হয়। বিড়ীসমূহত কৰাচী আৰু শকৰগড় শব্দ লিখা আছে। আনহাতে সেনাৰ এজন জ্যেষ্ঠ বিষয়াই বৰষুণৰ কাৰণে মাটি তললৈ বহি গৈ সুৰংগটো নিৰ্মিত হ’ব পাৰে বুলিও আশংকা কৰিছে ৷ইতিমধ্যে সুৰংগটোৰ সন্দৰ্ভত আৰু অধিক তথ্য উন্মোচন কৰিবলৈ যন্ত্ৰ পাতিৰো ব্যৱস্থা কৰিছে ।

এক বিশেষ সূত্ৰৰ মতে সুৰংগটোৰ গভীৰতা প্ৰায় ২৫ ফুট। সম্প্ৰতি আন্তৰাষ্ট্ৰীয় সীমান্তত এনে ধৰণৰ সুৰংগৰ সম্ভেদ পাবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে বিগত সময়ত পঞ্জাৱৰ সীমান্তত পাঁচটা সন্ত্ৰাসবাদীৰ নিহত হোৱাৰ পাছত সীমান্ত সুৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছিল।

Exit mobile version