মহানগৰীৰ মাজমজিয়াত নিশা শূন্যলৈ গুলী চলাই দুৰ্বৃত্তই ব্যৱসায়ী পৰা লুটি নিলে টকা

a27b81e9 92f6 44b4 aecd 876801d87e2d

মহানগৰীৰ লখৰাৰ লালুংগাৱত কালি নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড।শূণ্যলৈ গুলী চলাই লালুংগাৱঁৰ চ’কত থকা গুপ্তা মাৰ্বলছ নামৰ প্ৰতিষ্ঠানখনৰ পৰা দুর্বৃত্তই লুটি লৈ গ’ল নগদ ধন। ভুক্তভোগী কৰ্মচাৰী জনৰ ভাষ্য অনুসৰি এখন ইয়ন বাহনত আহিছিল দুর্বৃত্তৰ দলটো |

ৰাজেশ গুপ্তা নামৰ ব্যবস্যায়ীজনে ব্যৱসায় প্ৰতিস্থানখন বন্ধ কৰি ঘৰমুৱা হোৱা সময়তে এই ঘটনা সংঘটিত হয়। গুপ্তাই নিজা এক্সেণ্ট বাহন খনেৰে যাব ঘৰলৈ যাবলৈ লওঁতেই দুবৃত্তৰ দলটোৱে কাঢ়ি লৈ যায় টকাৰ বেগটো। অৱশ্য টকাৰ বেগটোত পাঁচ হেজাৰ টকা থকা বুলিহে ভুক্তভোগীয়ে উল্লেখ কৰিছে । ঘটনাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে |

Exit mobile version