ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ আসন্ন

Central

দীৰ্ঘদিন নানা জল্পনা কল্পনা অব্যাহত থকাৰ পাছত অৱশেষত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দিশে আগবাঢ়িছে অসম ৷সংসদৰ আগন্তুক অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনামৰ্মে সংশোধন কৰা হ’ব জনপ্ৰতিনিধি আইন,১৯৫০ ৷কিয়নো অসম,অৰুণাচল,মণিপুৰ আৰু নাগালেণ্ডত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন ৰ পূৰ্বৰ সিদ্ধান্তক বৈধতা প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্ চৰকাৰ ৷

যোৱা ছয় মাৰ্চত এই সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনপ্ৰতিনিধি আইন ১৯৫০ ৰ সংশোধনীৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে ।যোৱা ছয় মাৰ্চত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে উত্তৰ পূবৰ চাৰিখন ৰাজ্য আৰু জম্মু কাশ্মীৰৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠনৰ জাননী জাৰি কৰিছিল ৷এই আয়োগৰ অধ্যক্ষ হৈছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই ।

নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই ইয়াত নিৰ্বাচন আয়োগৰ প্ৰতিনিধিৰূপে আছে। এই জাননীয়ে জনপ্ৰতিনিধি আইনৰ ধাৰা ৮ ক ভংগ কৰিছে বুলি নিৰ্বাচন আয়োগত ৫০ বছৰে কৰ্মৰত তথা এই ক্ষেত্ৰত বিশেষজ্ঞৰূপে খ্যাত এছ কে মেন্দিৰাট্টাই প্ৰেৰণ কৰা এখন পত্ৰই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷জুনত তেওঁ তিনিজন নিৰ্বাচন আয়ুক্তলৈ উক্ত পত্ৰ প্ৰেৰণ কৰে। পত্ৰত মেন্দিৰাট্টাই উল্লেখ কৰে যে উত্তৰ পূবৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ আওতাত পৰে।

সেয়েহে অৰুণাচল,মণিপুৰ,অসম আৰু নাগালেণ্ডত নতুন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে গ্ৰহণ কৰা যিকোনো পদক্ষেপ আদালতৰ দ্বাৰা অবৈধ ঘোষিত হ’ব ৷ফলত বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপচয় হ’ব। সম্প্ৰতি আইন মন্ত্ৰণালয়ে এই সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ স’তে আলোচনাৰ অন্তত জনপ্ৰতিনিধি আইন সংশোধনৰ পদক্ষেপ গ্ৰহণ কৰে।

এই সংশোধনীয়ে ছয় মাৰ্চৰ সিদ্ধান্তক বৈধতা দিব ৷২০০২ ত আৰম্ভ কৰি ২০০৮ ত অন্ত পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল উত্তৰ পূবৰ চাৰি ৰাজ্যক। কিয়নো এই প্ৰক্ৰিয়াৰ বাবে ব্যৱহৃত ২০০১ ৰ লোকপিয়ল ক্ৰুটিযুক্ত বুলি বিভিন্ন সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰজু কৰিছে ৷

Exit mobile version