কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে আনলক ৪ ৰ নিৰ্দেশনা

Google

Google

দেশত আনলক ৪ ৰ নিৰ্দেশনা জাৰি কৰিছে গৃহ মন্ত্ৰণালয়ে। ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা আনলক ৪ত সুদীৰ্ঘ ৫ মাহৰ পিছত বৃহৎ সালসলনি পৰিলক্ষিত হৈছে ।মেট্ৰ’ ৰেল,ৰাজহুৱা অনুষ্ঠান আদিত কৰা হৈছে বৃহৎ পৰিৱৰ্তন ।

1. ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা আনলক ৪ ত মেট্ৰ’ ৰেল চলাচল আৰম্ভ হ’ব ৭ ছেপ্তেম্বৰৰ পৰা ৷আনহাতে মেট্ৰ’ত যাত্ৰা কৰোঁতে যাত্ৰীসকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব সেইয়া Standard Operating Procedure য়ে নিৰ্দেশনা দিব।

2. ২২ মাৰ্চত দেশত কৰ’না ভাইৰাছৰ কাৰণে জনতা কাৰ্ফিউ জাৰি কৰা হৈছিল। তাৰ আগতেই সমগ্ৰ দেশত ৰাজ্য চৰকাৰে ধাৰ্মিক,সাংস্কৃতিক,ক্ৰীড়া,মনোৰঞ্জন আদি ঠাইত হোৱা মানুহৰ ভীৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল। কিন্তু এই প্ৰতিবন্ধকতা কিছু চৰ্ত সাপেক্ষে শিথিল হ’ব ৷তাৰ ভিতৰত

  1. ৰাজহুৱা স্থানত ১০০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।মাস্ক পৰিধান কৰাতো হ’ব বাধ্যতামূলক ৷
  2. য’ত এনেধৰণৰ অনুষ্ঠান হ’ব সেই ঠাইত সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।
  3. লগতে ৰাজহুৱা স্থানত শৰীৰত তাপমাত্ৰা জোখা যন্ত্ৰ,ছেনিটাইজাৰ বা হেণ্ড ৱাচৰ সুবিধা থাকিব লাগিব।

3.ইপিনে বিদ্যালয়,মহাবিদ্যালয়,শৈক্ষিক প্ৰতিষ্ঠানসমূহ ৩০ ছেপ্তেম্বৰলৈকে বন্ধই থাকিব। অৱশ্যে ২১ ছেপ্তেম্বৰৰ পৰা শিথিল হ’ব পাৰে। ইয়াৰোপৰি

  1. অনলাইন কোচিঙৰ কাৰণে শিক্ষক কৰ্মচাৰীৰ ৫০ শতাংশৰ উপস্থিতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিৰ্দেশ দিব পাৰে ৷
  2. নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী শিক্ষকৰ নিৰ্দেশনা ল’বলৈ নিজ ইচ্ছাৰে বিদ্যালয়লৈ যাব পাৰিব ৷
  3. গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশ্ববিদ্যালয় বা ইনষ্টিটিউটত খোলা থাকিব ৷লেবটৰীত বিভিন্ন বিষয়ত গৱেষণা কৰা সকল যাব পাৰিব ৷ৰাজ্য চৰকাৰে আলোচনাৰ পিছত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব ।আনহাতে
  4. দৈনিক অহা যোৱা কৰা যাত্ৰীবাহী ট্ৰেইন বন্ধ হৈ থাকিব ৷
  5. আন্তৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ হৈ থাকিব ৷কেৱল বন্দে ভাৰত মিশ্যনহে সেৱা আগবঢ়াৱ ৷
  6. চিনেমা হ’ল,সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ,পাৰ্ক বন্ধ থাকিব ৷লগতে

 

কনটেইনমেন্ট জ’নত ৩০ ছেপ্তেম্বৰলৈকে কঠোৰভাৱে তলাবন্ধ থাকিব ৷

আন্তঃজিলা অহা যোৱাত কোনো প্ৰতিবন্ধকতা নাই। ইয়াৰ কাৰণে পৃথকে অনুমতি লোৱাৰ প্ৰয়োজন নাই ।

৬৫ বছৰতকৈ অধিক বয়সৰ লোক,১০ বছৰতকৈ সৰু ল’ৰা ছোৱালী,প্ৰসূতি আৰু অসুস্থ লোকসকল পূৰ্বৰ দৰেই বাহিৰত ওলোৱাৰ অনুমতি দিয়া হোৱা নাই।

আৰোগ্য সেতুঁ ব্যৱহাৰ কৰিবলৈও আহ্বান কৰা হৈছে আনলক ৪ত ৷

Exit mobile version