কালৈকো ভ্ৰূক্ষেপ নকৰাকৈ দুগৰাকী বৃদ্ধাই আশা ভোষলেৰ জনপ্ৰিয় গীতত নাচিছে ৰাস্তাত

old age woman dance jpg

টুইটাৰত পোষ্ট কৰা কিছুমান সৰু সৰু ভিডিঅ’য়ে কেতিয়াবা আপোনাক হয়তো তাৎক্ষণিকভাৱে উৎসাহিত কৰে । তেনে এটা ভিডিঅ’ টুইটাৰত ব্যাপক প্ৰচাৰ লাভ কৰিছে, য’ত দুগৰাকী বৃদ্ধা মহিলাই পথৰ দাঁতিত পুৰণি জনপ্ৰিয় চিনেমাৰ এটি গানত খুব উৎসাহী আৰু আনন্দমনেৰে নাচি আছে। @peechetodekho নামৰ এটা একাউন্টৰ পৰা ১৫ চেকেণ্ডৰ এটা ভিডিঅ’ টুইট কৰে।

ইয়াৰ পাছতে দ্ৰুতগতিত ভাইৰেল হৈ পৰে ভিডিঅ’টো । ভিডিঅ’টোত শাৰী পিন্ধি দুইগৰাকী বৃদ্ধা মহিলাই আশা ভোষলেৰ ১৯৭১ চনৰ “পিয়া তু অব ত’ আজা” জনপ্ৰিয় গীতটিত খুব আনন্দমনেৰে পথত নাচি থকা দেখিবলৈ পোৱা গৈছে। পোষ্টটোৰ কেপচনত লিখিছিল – “এয়া খুব সুন্দৰ” । মন কৰক ভিডিঅ’টি –

উল্লেখ্য যে, এই গীতটিৰ সংগীত কৰিছিল আৰ ডি বৰ্মণে । গীতটি বলিউডৰ জনপ্ৰিয় ছবি ‘Caravan starring’ৰ । মুখ্য চৰিত্ৰত আছিল জিতেন্দ্ৰ আৰু আশা পাৰেষ। আনহাতে, ৰাস্তাত নাচি থকা মহিলাদুগৰাকীৰ ভিডিঅ’টো ৩০০০ বাৰ প্ৰত্যক্ষ কৰাৰ উপৰিও বহু লাইক আৰু বহুবাৰ ৰিটুইট কৰিছে ব্যৱহাৰকাৰীয়ে। এইবাৰ প্ৰত্যক্ষ কৰক টুইট কৰা ভিডিঅ’টোৰ কিছু কমেণ্ট।

Exit mobile version