কৰ’নাই ভয়ানক বিপদ মাতিছে আন্দামানৰ আদিবাসীসকললৈ

Screenshot 16 2

বহিঃ জগতৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থকা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আদিবাসী সকলৰ অন্তিম অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছে কৰ’না ভাইৰাছ অতিমাৰীয়ে । আন্দামানত বসবাস কৰা গ্ৰেট আন্দামানিজ জনজাতিৰ ১০ জন সদস্য কৰ’নাত আক্ৰান্ত হোৱাৰ লগে লগে প্ৰায় প্ৰতিটো জনজাতিক লৈ সম্প্ৰতি চৰকাৰ চিন্তিত হৈ পৰিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বহিঃজগতৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰা জাৰোৱা আৰু ছেন্টিনেলিজ জনজাতিৰ লোকসকলৰো কৰ’না পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু এইসকল আদিবাসীৰ পৰীক্ষা গ্ৰহণেই এতিয়া স্বাস্থ্য বিভাগৰ বাবে সবাতোকৈ ডাঙৰ প্ৰত্যহ্বান হৈ পৰিছে ।

বাহিৰৰ জগতখনৰ পৰা প্ৰায় আঁতৰি থকা জাৰোৱা জনজাতি আৰু একেবাৰে বিচ্ছিন্ন হৈ থকা ছেণ্টিনেলিজ জনজাতিৰ মাজত এবাৰ সংক্ৰমণ আৰম্ভ হ’লেই তেওঁলোকৰ অস্তিত্ব বিপন্ন হৈ পৰিব বুলি নৃতত্ববিদকলে আশংকা কৰিছে । সেয়ে সতৰ্কমূলকভাৱে ইতিমধ্যেই গ্ৰেট আন্দামানিজসকলৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হৈছে । ইয়াৰ পাছতে পৰীক্ষা হ’ব জাৰোৱাসকলৰ।

উল্লেখ্য যে, গ্ৰেট আন্দামানিজ জনজাতিৰ মাত্ৰ ৫৯ জন লোক জীৱিত অৱস্থাত আছে। ইয়াৰে ৩৪ জন লোকে আন্দামানৰ ষ্ট্ৰেইট দ্বীপত কাম কৰে স্থায়ীভাৱে বসবাস কৰে আৰু তেওঁলোকৰ থকা-খোৱাৰ সমস্ত দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহন কৰে। বাকী গ্ৰেট আন্দামানিজসকল থাকে আন্দামানৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰত । ইয়াৰে একাংশই চৰকাৰী চাকৰিও কৰে।

তলাবন্ধৰ সময়ত তেওঁলোক ষ্ট্ৰেইট দ্বীপত কটাইছিল যদিও পৰৱৰ্তী সময়ত পুনৰ কামত যোগ দিয়ে। ইয়াৰে ছজনৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে। পাছত ষ্ট্ৰেইট দ্বীপত থকা আন চাৰিজন ক’ভিডত আক্ৰান্ত হয়।

ইপিনে, আন্দামানত জাৰোৱা জনজাতিৰ লোকৰ সংখ্যা সম্প্ৰতি ৫২০ জন। কিন্তু যাযাবৰ স্বভাৱৰ বাবেই আন্দামানৰ দৰে পানী আৰু জংঘলেৰে আৱৰা স্থানত চিকাৰী জনগোষ্ঠীৰ জনজাতিসকলৰ কৰ’না পৰীক্ষা কৰাটো কষ্টসাধ্য হ’ব বুলি ধাৰণা কৰা হৈছে।

Exit mobile version