ছবি গৃহসমূহ মুকলি কৰিবলৈ কেন্দ্ৰলৈ আহ্বান মাল্টিপ্লেক্স এছ’চিয়েছনৰ

cinema halls rep1 1595657539

আনলক ৪ত দেশৰ ছবি গৃহসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৷ সেইসময়তে মাল্টিপ্লেক্স এছ’চিয়েছন আৰু ছবি নিৰ্মাতাসকলে ছবিগৃহসমূহ পুনৰ খুলিবলৈ কেন্দ্ৰলৈ আহ্বান কৰিছে ৷ মাল্টিপ্লেক্স এছ’চিয়েছনে আজি ক’ভিভ১৯ ৰ কাৰণে বন্ধ হৈ থকা ছবি গৃহসমূহ খুলিবলৈ আহ্বান কৰে ৷

লগতে মাল্টিপ্লেক্স এছ’চিয়েছনে #Support Movie Theatres বুলি টুইট কৰে ৷ মাল্টিপ্লেক্স এছ’চিয়েছনে ছবি গৃহসমূহ আৰম্ভ কৰোতে কৰ’না প্ৰতিৰোধৰ কাৰণে ল’বলগা সকলো সাৱধানতা লোৱা হ’ব বুলি সদৰী কৰে ৷ আনহাতে আনলক ৪ত মেট্ৰ’,ম’ল,ৰেষ্টুৰেণ্ট আদি খুলিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে এই ক্ষেত্ৰত চিনেমা হ’লসমূহেও সুবিধা পাব লাগে বুলি মন্তব্য কৰে মাল্টিপ্লেক্স এছ’চিয়েছনে ৷

Exit mobile version