নগাঁও-শোণিতপুৰ জিলাৰ একাংশ চৰত মাতব্বৰৰ গুণ্ডাৰাজ

WhatsApp Image 2020 08 30 at 8.22.10 PM

শোণিতপুৰ জিলাৰ ৰানীটাপু চৰত আজি দুই ফৈদৰ ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত এক গুলী চালনাৰ ঘটনা সংগঠিত হয় । ফলত দুজনকৈ লোক গুৰুতৰভাৱে ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হয় । এই গুলিচালনাৰ ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র উত্তেজনা অব্যাহত আছে ।

ঘটনাৰ বিৱৰণী অনুসৰি বিয়লি ইক্ৰামূল হুছেইন আৰু আব্দুল মতিনে ডুবৰামাৰী চাপৰীত কাম কৰি থকাৰ অৱস্থাতে মাতব্বৰ মুকতুলৰ নেতৃত্বত হাতে হাতে মৰানাস্ত্ৰ আৰু চোকা অস্ত্রলৈ অহা এটা গুণ্ডাবাহিনীৰ দলে অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত লোক দুজন গুৰুতৰভাৱে আহত হয়। পিছত দুয়োকে ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও ইক্ৰামূলৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

অন্যহাতে, মুকতুলে পিষ্টলেৰে গুলি কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে, নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে শোণিতপুৰ জিলাৰ একাংশ চৰত বিগত বহু বছৰ ধৰি চলি আহিছে দেৱানী অথবা মাতব্বৰৰ মাতব্বৰীৰাজ ।

চৰকাৰী কোনো নীতি-নিয়মেই যেন ঢুকি নেপাই সংশ্লিষ্ট চৰাঞ্চল সমূহত। যাৰ ফলত সন্ত্ৰস্ত সাধাৰণ জনতা । ইপিনে, লাওখোৱা থানাৰ এলাকাধীন বহু ভুক্তভোগীয়ে মাতব্বৰ বাহিনীৰ ভয়ত আজিও থানাত এজাহাৰ দাখিল কৰিব পৰা নাই ।

Exit mobile version