পি এম অ’ বৈঠকঃ এক দেশ এক ভোটৰ লক্ষ্যত অগ্ৰসৰ কেন্দ্ৰ

election commission

এক দেশ এক ভোটৰ লক্ষ্যত আৰু এখোজ আগুৱালে কেন্দ্ৰীয় চৰকাৰ ৷ দেশৰ সকলোবোৰ নিৰ্বাচনতে এতিয়াৰে পৰা এখন ভোটাৰ তালিকাই ব্যৱহাৰ হ’ব পাৰে । সম্প্ৰতি পঞ্চায়ত স্তৰৰ পৰা লোকসভা নিৰ্বাচন পৰ্যন্ত দেশত এখনেই ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই এই কথা জনাইছে । এই বিধি কাৰ্যকৰী কৰাৰ বাবে সংশ্লিষ্ট সংবিধান সংশোধন আৰু প্ৰয়োজনীয় পদক্ষেপৰ সন্দৰ্ভতো বৈঠক আলোচনা হয় ৷ সংবিধান অনুসৰি দেশৰ স্থানীয় নিৰ্বাচন অৰ্থাৎ পঞ্চায়ত আৰু পৌৰসভা ভোট প্ৰক্ৰিয়াৰ সমগ্ৰ দায়িত্ব থাকে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ ৷

এই স্থানীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকাও ৰাজ্যৰ ৰাজ্যৰ নিৰ্বাচন আয়োগেই তৈয়াৰ কৰে । ইয়াত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ কোনো হস্তক্ষেপ নাথাকে । এতিয়া এই পদ্ধতিৰেই পৰিৱৰ্তন কৰিব বিচাৰিছে মোদী চৰকাৰে ৷

যোৱা ১৩ আগষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এই বিষয়ত বৈঠক অনুষ্ঠিত হয় ৷ সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত এই সংক্ৰান্তত সংবিধান সংশোধনী লৈ আলোচনা হয় । উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ২৪৩ (ক)ধাৰাত পঞ্চায়ত নিৰ্বাচনৰ কথা কোৱা হৈছে । ২৪৩ জেড ধাৰাত কোৱা হৈছে পৌৰসভা নিৰ্বাচনৰ কথা ৷

এই দুই ধাৰা অনুসৰি পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন পৰিচালনা আৰু ভোটাৰ তালিকা প্ৰস্তুতৰ দায়িত্ব ন্যস্ত কৰা হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগক। লগতে কোৱা হৈছে যে আয়োগৰ প্ৰধান অৰ্থাৎ ৰাজ্যৰ নিৰ্বাচন আয়ুক্তক নিয়োগ কৰিব ৰাজ্যপালে । ২৪৩ জেড ধাৰাত পৌৰ নিৰ্বাচনো একেদৰে পৰিচালনা হোৱাৰ কথা কোৱা হৈছে ।

সংবিধানৰ এই দুই ধাৰা সংশোধন কৰি স্থানীয় নিৰ্বাচনকো কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ আওতালৈ অনাৰ বিষয়ত ১৩ আগষ্টৰ উক্ত বৈঠকত গুৰুত্বপূৰ্ণ অগ্ৰগতি হোৱা বুলিয়ে সূত্ৰই জনাইছে । ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰসমূহেও যাতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা অনুসাৰে নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ ব্যৱস্থা কৰে, সেই বিষয়টো ৰাজ্যসমূহক আবেদন জনোৱা হ’ব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয় ।

২০১৪ ত প্ৰথমবাৰলৈ কেন্দ্ৰত ক্ষমতালৈ অহাৰ পাছতে বিজেপি তথা নৰেন্দ্ৰ মোদী চৰকাৰে এই এক দেশ এক ভোট তত্ত্ব আনিছিল । ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে নিজে পঞ্চায়ত পৌৰসভাৰ পৰা আৰম্ভ কৰি বিধানসভা বা লোকসভালৈকে সকলো নিৰ্বাচন একেলগে পাঁচ বছৰৰ বাবে অনুষ্ঠিত কৰাৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল ।

প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ যুক্তি হ’ল এই প্ৰক্ৰিয়া কাৰ্যকৰী হ’লে নিৰ্বাচনৰ বিপুল ব্যয় ৰাহি হ’ব। পৰ্যবেক্ষকৰ মতে,এখনেই ভোটাৰ তালিকা প্ৰস্তুতৰ পদক্ষেপ গ্ৰহণ কৰি লাহে লাহে “এক দেশ এক ভোট “দিশেই অগ্ৰসৰ হৈছে মোদী চৰকাৰ।

Exit mobile version