পুনৰ অসুস্থতাৰ গুজৱৰ ইতি পেলালে কিমে

Screenshot 17 1

বিগত কিছুমাহ ধৰিয়েই উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ শাৰীৰিক অসুস্থতাৰ বাতৰি প্ৰকাশ পাই আহিছে । কিছুমাহৰ পূৰ্বে আনকি কিমৰ মৃত্যু হোৱা বুলিও চর্চা চলিছিল । যদিও বহু বিতৰ্কিত ৰাষ্ট্ৰনেতাজনে সকলো গুজৱৰ অন্ত পেলাই ৰাজহুৱা আত্মপ্ৰকাশ কৰিছিল। সম্প্ৰতি পুনৰ কিমৰ অসুস্থতাৰ বিষয়টোৱে মূৰ দাঙি উঠাৰ সময়তে তেওঁ সুস্থ হৈ থকাৰ ইংগিত দিলে ।

শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ এজন প্ৰাক্তন কূটনীতিবিদে দাবী কৰিছিল যে কিম সম্প্ৰতি ক’মাত আছে । কিমৰ হৈ সম্প্ৰতি যাৱতীয় দায়িত্ব চম্ভালি আছে তেওঁৰ ভগ্নী কিম ইয়ো জঙে । অৱশ্যে সকলো জল্পনাত পানী ঢালি দক্ষিণ হুৱাংহেই প্ৰদেশৰ ধুমুহা বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি থকা অৱস্থাত কিমৰ ফটো প্ৰকাশ কৰিলে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-এ।

অৱশ্যে বৃহস্পতিবাৰে কিমৰ খেতিপথাৰ পৰিদৰ্শনৰ সেই ফটোক কেন্দ্ৰ কৰিও অনেকেই সন্দেহ প্ৰকাশ কৰিছে। কিন্তু উত্তৰ কোৰিয়াত যিদৰে সকলো বিষয়ত গোপনীয়তা বৰ্তাই ৰখা হয়, সেই দুৰ্ভেদ্য বলয় ভাঙি কিমৰ ফটোৰ সত্যতা নিৰূপণ কৰাটো কাৰ্যতঃ অসম্ভৱ বুলিয়ে গণ্য কৰা হৈছে।

Exit mobile version