পৃথ্বীৰাজ নাৰায়ন দেৱ মেচক ইউপিপিএল দলৰ পৰা অব‍্যাহতি

WhatsApp Image 2020 08 30 at 10.19.00 PM

ইউপিপিএল দলৰ পৰা অব‍্যাহতি দিছে দলটোৰ নেতা পৃথ্বীনাৰায়ন দেৱ মেচক । আজি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে দিয়া এক নিৰ্দেশনাত তৎকালিন ভাৱে দলৰ কেন্দ্ৰীয় তথা সকলো পদবীৰ পৰা অপসাৰণ কৰে পৃথ্বীনাৰায়ন দেৱ মেচক।

নিৰ্দেশনাটোত কোৱা হৈছে যে তৎকালীন ভাৱে ইউপিপিএল দলৰ কেন্দ্ৰীয় নেতৃত্বই কেন্দ্ৰীয় কাৰ্যকৰী কমিটী তথা দলটোৰ সকলো পদবীৰ পৰা অব‍্যাহতি দিয়া হৈছে । কাৰণ দলৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি ধাৰাবাহিক ভাৱে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে পৃথ্বীনাৰায়ন দেৱ মেচৰ বিৰুদ্ধে । আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দশনা বলবৎ হোৱা বুলিও জনায় নিৰ্দেশনাটোত ।

 

এইখিনিতে উল্লেখ‍্য যে চিৰাং জিলাৰ বাসুগাঁওৰ বাসিন্দা এই জন পৃথ্বী নাৰায়ন দেৱ মেচ বাসুগাঁওত নিজৰ পত্নীক হত‍্যাৰ চেষ্টা কৰাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল। জেলৰ পৰা ওলায়েই বাসুগাঁও এৰি কোকৰাঝাৰ থাকিবলৈ লয় আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সান‍্যিধ‍্যত আহি নিজকে কোচ ৰজাৰ বংশধৰ বুলি পৰিচয় দিয়ে । পৰৱৰ্তী সময়ত জনজাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি নিজকে জনজাতি বুলি পৰিচয় দিয়ে ।

নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থা কৰি হাগ্ৰামা মহিলাৰীৰ সহযোগত এনডিএফবিৰ চাৰিওটা গোট একত্ৰিত কৰি বিটিআৰ চুক্তিৰ বাবে আগবাঢ়িছিল আৰু সেই সময়তে হাগ্ৰামা মহিলাৰীৰ সংগ এৰি ইউপিপিএল দলত যোগদান কৰিছিল । আনহাতে ইউপিপিএল দলত যোগদান কৰাৰ পিচত দলীয় কোনো নীতি নিৰ্দেশনা নোহোৱাকৈ নিজৰ ইচ্ছানুসৰি সংবাদমেল অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে ‌।

আজিও সংবাদমেল অনুষ্ঠিত কৰি পুনৰ পৃথক ৰাজ‍্য বড়োলেণ্ড দাবীৰ কথা প্ৰকাশ কৰিছিল পৃথ্বীনাৰায়ন দেৱ মেচে । তাৰ পিচতে দলীয় ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰি দলৰ পৰা অব‍্যাহতি দিয়াৰ কথা জানিব পৰা গৈছে ।

Exit mobile version