পেকেটত থকা খাদ্যৰ জৰিয়তে সংক্ৰমিত নহয় ক’ভিডঃ বিশ্ব স্বাস্থ্য সংস্থা

238678206b2e0612

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ ব্ৰাজিলৰ পৰা পঠিওৱা ফ্ৰ’জেন চ্চিকেনৰ যোগেদি কৰ’না বিয়পোৱাৰ, চীনৰ অভিযোগক খণ্ডন কৰে ।বিশ্ব স্বাস্থ্য সংস্থাই কয় যে এতিয়ালৈকে পেকেটত অহা বা ফ্ৰ’জেন চ্চিকেনৰ দ্বাৰা কৰ’না বিয়পাৰ সন্দৰ্ভত কোনো প্ৰমাণ নাই । গতিকে এই সন্দৰ্ভত লোকসকলৰ ভয়ৰ কোনো কাৰণ নাই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন প্ৰ’গেমৰ হেড মাইক ৰিয়ানে কয় যে লোকসকলে পেকিং কৰা বা ফ্ৰ’জেন চ্চিকেনৰ সন্দৰ্ভত ভয় কৰিবলগীয়া কোনো কাৰণ নাই। লগতে মাইক ৰিয়ানে কয়” আমাৰ এতিয়ালৈকে এই ক্ষেত্ৰত কোনো প্ৰমাণ পোৱা নাই। গতিকে লোকসকলে এই বিষয়ত চিন্তা কৰাৰ কোনো কাৰণ নাই। খাদ্যৰ জৰিয়তে ভাইৰাছ সংক্ৰমিত হোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই।

ইফালে ফ্ৰ’জেন ফুডৰ হাজাৰ পেকেট পৰীক্ষা কৰিছিল যদিও তাৰ ভিতৰত কেৱল ১০ জন লোক সংক্ৰমিত পোৱা গৈছিল। যি অতি নগণ্য ৷ আনহাতে ব্ৰাজিলক লৈ কৰা চীনৰ অভিযোগক খণ্ডন কৰি দেশখনৰ কৃষি মন্ত্ৰণালয়ে চীনৰ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। ইপিনে ইক্বাড’ৰৰ প্ৰডাকচন মন্ত্ৰী অ’ন্টানেডাই কয় ” আমি ফ্ৰ’জেন ফুডৰ ক্ষেত্ৰত বহু নিয়ম আৰু অনুশাসন পালন কৰোঁ। দেশ এৰাৰ পিছত এই প্ৰডাক্টসমূহৰ কি হয় ইয়াৰ দায়িত্ব আমি নলওঁ ৷

Exit mobile version