মুভী মাফিয়াতকৈ মুম্বাইৰ পুলিচক কিয় বেছি ভয় কৰে কংগনা ৰানাউটে?

cdf75000 e6f3 11ea bfef 2dac93ed08c3

মুভী মাফিয়াতকৈ মুম্বাইৰ পুলিচক বেছি ভয় কৰে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ৷ কংগনা দেওবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে। সম্প্ৰতি কংগনা ৰানাউটে একেৰাহে বলীউডৰ মুভী মাফিয়া আৰু ড্ৰাগছ মাফিয়াৰ সন্দৰ্ভত বিভিন্ন তথ্য ফাদিল কৰিছে ৷ ইয়াৰ পিছতেই বিজেপি নেতা ৰাম কদমে মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত কংগনাক নিৰাপত্তা দিবৰ কাৰণে প্ৰশাসনৰ ওচৰত দাবী কৰে ।

কিন্তু যেতিয়া কংগনাক নিৰাপত্তাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নহ’ল তেতিয়া অভিনেত্ৰীগৰাকীয়ে তীক্ষ্ণ সমালোচনা কৰে মহাৰাষ্ট্ৰ চৰকাৰক । কংগনাই বিজেপি নেতা ৰাম কদমক ধন্যবাদ দিয়ে আৰু মুম্বাইৰ পুলিচৰ নিৰাপত্তা ল’বলৈ অস্বীকাৰ কৰে ৷ কংগনাই ৰাম কদমৰ টুইটটো পুনৰ টুইট কৰি লিখে ” চিন্তা কৰাৰ কাৰণে ধন্যবাদ। মই এতিয়া মুভী মাফিয়া গুণ্ডাবোৰতকৈ মুম্বাই পুলিচক বেছিকৈ ভয় কৰো।”

২৬ আগষ্টত যেতিয়া সুশান্তৰ আত্মহত্যাত ড্ৰাগছ জড়িত থকাৰ খবৰ প্ৰচাৰ হৈছিল তেতিয়াৰ পৰাই কংগনাই বলীউডৰ ড্ৰাগছ মাফিয়াসকলৰ বিৰুদ্ধে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে । এটা টুইটৰ যোগেদি কংগনাই কয় “মই Narcoticsbureauক সহায় কৰিব বিচাৰো । কিন্তু ইয়াৰ কাৰণে মোক কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষাৰ প্ৰয়োজন হ’ব । কাৰণ,মই মোৰ কেৰিয়াৰৰ লগতে সমগ্ৰ জীৱনত বিপদলৈ ঠেলি দিছো ৷ সুশান্তেও কিছুমান নাজানিবলগীয়া কথা জনাৰ পিছত হত্যা কৰা হ’ল ।”

ইয়াৰ পূৰ্বে কংগনাই টুইটাৰত কেইটিমান পংক্তিৰ জৰিয়তে বলীউডত ড্ৰাগচ সেৱনৰ বিভিন্ন কথা প্ৰকাশ কৰিছিল । লগতে বলীউডৰ হাউচ পাৰ্টিসমূহত কোকেইনৰ প্ৰচলন সন্দৰ্ভত মন্তব্য কৰিছিল । গতিকে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত নিত্য নতুন তথ্যই সকলোৰে মাজত ৰহস্য সৃষ্টি কৰিছে ।

Exit mobile version