সাজন ছবিয়ে সম্পূৰ্ণ কৰিলে ২৯ বছৰ

svgc78mo madhuri 625x300 30 August 20

১৯৯১ চনৰ ব্লকবাষ্টাৰ ছবি “সাজন”এ আজি ২৯ বছৰ সম্পূৰ্ণ কৰিলে ৷ এই উপলক্ষে বলীউডৰ ঢকঢক গাৰ্ল তথা জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতে ইনষ্টাগ্ৰামত শেহতীয়াকৈ এখন ফ’টো শ্বেয়াৰ কৰে ৷ ফটোখনত “সাজন” ছবিখনৰ জনপ্ৰিয় আন দুগৰাকী অভিনেতা সঞ্জয় দত্ত আৰু চলমান খানকো দেখা গৈছে ৷

সদ্যহতে ২৯ বছৰ সম্পূৰ্ণ কৰা এই জনপ্ৰিয় ছবিখনত অভিনয়ৰ কাৰণে কিয় সন্মতি প্ৰদান কৰিছিল মাধুৰীয়ে? এই সন্দৰ্ভত মাধুৰীয়ে #29YearsofSaajan বুলি লিখি প’ষ্ট কৰে “ছবিখনৰ কাহিনী পঢ়াৰ পিছত, মই তাৎক্ষণিকভাৱে ছবিখনত অভিনয় কৰাৰ সিদ্ধান্ত ল’লো । ছবিখনৰ কাহিনীটো ৰোমান্তিক, সংলাপসমূহ কাব্যিক আৰু সংগীতসমূহ আছিল অভূতপূৰ্ব ।”

“সাজন” ছবিখন সঞ্জয় দত্ত, চলমান খান আৰু মাধুৰী দিক্ষীতৰ ত্ৰিকোণ প্ৰেম কাহিনীৰে আৰম্ভ হৈছে ৷ সঞ্জয় দত্তই সাগৰ নামৰ চৰিত্ৰটোৰে অনাথ আশ্ৰমত থকা এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে ।

আনহাতে চলমান খান হৈছে সঞ্জয়ৰ এজন বন্ধু ৷ লগতে ছবিখনত সঞ্জয় হৈছে এজন জনপ্ৰিয় কবি ৷ মাধুৰী দিক্ষীতৰ সঞ্জয় কবিতাৰ অন্যতম অনুৰাগী  । এনেকৈয়ে চলমান, সঞ্জয় আৰু মাধুৰীৰ প্ৰেম, সংঘাতৰ মাজতে সাজন ছবিখন হৈ পৰে ১৯৯১ চনৰ অন্যতম ব্লকবাষ্টাৰ ছবি ৷

এই ছবিখন পৰিচালনা কৰিছিল লৰেন্স ডিছুজাই । আনহাতে ছবিখনৰ সংগীতসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত ৷ ছবিখনৰ Dekha hai pehli bar, Tummse Milne ki Tamamnna hai, Bohut Pyar Karte Hai, Tu Shayar hai আদি গীতবোৰ আজিৰ যুৱপ্ৰজন্মৰ বাবেও চিৰ নতুন ।

ইপিনে মাধুৰী দিক্ষীতে ডিজিটেল প্লেটফৰ্মত কৰণ জোহৰৰ এখন ৱেবচিৰিজৰ জৰিয়তে নেটফ্লিক্সত ভূমুকি মাৰিব ।

Exit mobile version