সুস্থ হৈ উঠিছে কৰ’নাত আক্ৰান্ত অমিত শ্বাহ

amit shah 1

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সুস্থ হৈ উঠিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনতিপলমে ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিব চিকিৎসালয় কৰ্তৃপক্ষই । এই সন্দৰ্ভত এইমছে শনিবাৰে অমিত শ্বাহ ক্ৰমাৎ সুস্থ হোৱাৰ কথা উত্থাপন কৰে ।

ইপিনে গৃহমন্ত্ৰী অমিত শ্বাহ বিগত সময়ত কৰ’নাত আক্ৰান্ত হৈছিল ৷ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰীজনক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে এইমছলৈ স্থানান্তৰিত কৰে । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক ১৮ আগষ্টত দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হৈছিল ।

তেওঁক এইমছৰ চিকিৎসক ড° ৰণদ্বীপ গুলেৰীয়াৰ তত্ত্বাৱধানত চিকিৎসা কৰা হয়। অমিত শ্বাহে শৰীৰৰ ভাগৰ আৰু বিষত ভূগিছিল । এইমছৰ ফালৰ পৰা জনোৱা অনুসৰি ইতিমধ্যে অমিত শ্বাহৰ কৰ’না টেষ্ট কৰা হৈছে । আৰু এই টেষ্ট নিগেটিভ আহে।

Exit mobile version