ধর্মীয় বিশ্বাস : ৮০ বছৰ ধৰি কেঁচী-ফণীৰ ব্যৱহাৰ কৰা নাই ভিয়েটনামৰ নগুৱেনে

1200 14

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত বহু লোক নাপিতৰ ওচৰলৈ নোযোৱা হৈছে। বহুতেই পূৰ্বৰ দৰে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত চুলি কটা বাদ দিছে অথবা ঘৰতেই চুলি কটাৰ ব্যৱস্থা কৰি লৈছে। কিন্তু আমি উল্লেখ কৰিব বিচৰা লোকজনে যোৱা প্ৰায় ৮০ বছৰ ধৰি চুলি নকটাকৈ আছে ।

জীৱনৰ প্ৰায় ১২ বছৰ বয়সৰ পৰা তেওঁ চুলি কাটিবলৈ এৰিছে। কৰ’না কালত মাত্ৰ কেইমাহমানৰ ভিতৰতে চুলি দীঘল হোৱা লোকসকলে নিশ্চয় অনুমান কৰিব পাৰিছে উল্লিখিত লোকজনৰ চুলিৰ দৈৰ্ঘ্য এতিয়া কিমান হ’ব পাৰে। এই লোকজন ভিয়েটনামৰ মেকং ডেলটা নামৰ অঞ্চলৰ বাসিন্দা। নাম নগুৱেন ভেন চিয়েন । বৰ্তমান তেঁওৰ বয়সে ৯২ ক স্পৰ্শ কৰিছে। লোকজনৰ চুলিৰ দৈৰ্ঘ্য প্ৰায় ১৬ ফুট হৈছেগৈ।

কোনো অট্টালিকাৰ প্রথম মহলাত থকা অৱস্থাত লোকজনৰ চুলিয়ে ভূমি স্পৰ্শ কৰি থাকে। লোকজনে অনুসৰণ কৰা ধৰ্মৰ মতে মানুহে যি লৈ জন্মগ্ৰহণ কৰে সেয়া লগত লৈয়ে থাকিব লাগে। নগুৱেনে বিশ্বাস কৰে যে, যদি তেওঁ চুলি কাটে তেন্তে তেওঁৰ মৃত্যু হ’ব পাৰে। এনে বিশ্বাসৰ ফলত লোকজনে ফণীৰ ব্যৱহাৰো নকৰে।

এই লোকজনৰ সুদীৰ্ঘ চুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে চুলি নাকাটিলেও নগুৱেনে প্ৰায় নগুৱেনে প্ৰায় নিয়মীয়াভাৱেই হাতৰ নখ কাটি আহিছে অন্যান্য পাঁচজন লোকৰ দৰেই ।

Exit mobile version