কেৱল আশ্বাসৰ ফুলজাৰিঃ নিৰ্বাচন মানেই জনজাতিকৰণৰ লুজন

Sonowal12 1481380790

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সম্প্ৰতি শিশুক নিচুকাবলৈ দিয়া লুজানৰ দৰে হৈ পৰিছে । যিকোনো নিৰ্বাচন ওচৰ চপাৰ লগে লগে ইয়াক কেন্দ্ৰ কৰি পুনৰ সৰৱ চৰ্চা আৰম্ভ হয় । ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিখন প্ৰচাৰ সভাতি বিজেপিয়ে শাসন ভাৰ লাভ কৰিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও শাসনভাৰ লাভ কৰিও বিগত কালছোৱাত ইয়াক লৈ কোনো তৎপৰতা অৱলম্বন নকৰিলে ।

অৱশ্যে বিগত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তথা ন জানুৱাৰীত ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন কৰি ১৪ জানুৱাৰীত এক মন্ত্ৰীগোট গঠন কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হয় । তাৰ পাছৰে পৰা কোনো ধৰণৰ তৎপৰতা অৱলম্বন নকৰা চৰকাৰে পুনৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনজাতিকৰণ প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে ।

উল্লেখযোগ্য যে মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, আহোম আৰু চাহ জনজাতিৰ যৌথ সংগঠনৰ জৰিয়তে গঠন হোৱা ঐক্যমঞ্চই এই বিষয়ত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বিগত সময়ত এই বিষয়ত বিশেষ তৎপৰতা গ্ৰহণ নকৰা ঐক্যমঞ্চই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তহে তৎপৰ হৈ উঠাৰ আঁৰত কিহে ক্ৰিয়া কৰিছে বুলিও বিভিন্নজনে প্ৰশ্নৰ অৱতাৰণা কৰিছে। জনজাতিকৰণৰ সন্দৰ্ভত বিজেপি চৰকাৰৰ সদিচ্ছা কিমান সেয়া বিগত সময়ত প্ৰতিটো কাৰ্যই সকলো তথ্যই উদঙাই দিছে ।

উল্লেখ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সন্দৰ্ভত ২০১৯ ৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স’তে মুখ্যমন্ত্ৰী সোনোৱাল, বিত্ত মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দন ব্ৰহ্ম, হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিত দৈমাৰীৰ স’তে এক বৈঠক অনুষ্ঠিত হৈছিল । লগতে এক মন্ত্ৰীগোট গঠনৰ সিদ্ধান্তও কৰা হৈছিল বৈঠকত । কিন্তু আজিলৈকে সমগ্ৰ বিষয়টোৱে গেঠেলা মাৰে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছয় জনগোষ্ঠীৰ অন্যতম মৰাণ জনগোষ্ঠীৰ নেতৃত্বত অংশ লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি আশ্বস্ত দিয়ে ।

লক্ষ্যনীয় যে ৰাজ্যৰ প্ৰতিটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চৰ্চালৈ আহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনৰ অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে এই দাবীক, কিন্তু প্ৰতিটো দলেই শাসনৰ গাদী দখল কৰাৰ পাছত সেয়া পাহৰি যায় । বিজেপিয়ে বিগত তিনিটাকৈ নিৰ্বাচনত জনজাতিকৰণৰ দাবীক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি দুবাৰকৈ দিল্লী আৰু এবাৰ দিছপুৰৰ গাদী দখল কৰাৰ পাছত পুনৰ একেই কৌশল হাতত লোৱাটো লক্ষ্যনীয়।

Exit mobile version