কৰ’নাৰ প্ৰভাৱত মিলিন’কটত কালৰূপ ধাৰণ কৰিলে এখন বিবাহে

What to do With Your Wedding Photos After the Big Day

এটি ৰোমাণ্টিক পৰিবেশত V নেকৰ ড্ৰেছত বহি আছে কইনা। কেক,ফুলৰ থোপাৰ লগতে অভ্যাসগত সকলক আদৰিবলৈ সাজু আছে কইনাৰ পৰিয়াল। ঘটনাটো মিলিন’কটৰ । যিহেতু ক’ভিড১৯ ক প্ৰতিৰোধ কৰিবৰ কাৰণে ৫০ জনতকৈ অধিক লোকৰ সমাবেশত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷

কিন্তু মিলিন’কট চহৰৰ এখন সৰু ৰেষ্টুৰেণ্টত অনুষ্ঠিত এখন বিবাহত দেখা গ’ল ৬৫ জনতকৈ অধিক লোকৰ সমাবেশ ৷ সমাবেত লোকসকলে পৰিধান কৰা নাছিল কোনো ধৰণৰ মাস্ক,আৰু কোনো সামাজিক ব্যৱধান বৰ্তাই ৰখা নাছিল। এই অভিযোগ ৰেষ্টুৰেণ্টখনৰ অন্যান্য লোকসকলৰ ৷

ইয়াৰ পিছত বিবাহত অংশ লোৱা এজন লোকৰ শৰীৰত দেখা গ’ল কৰ’না ভাইৰাছৰ লক্ষণ ।আৰু আগষ্টৰ শেষলৈ বিবাহখনত অংশ লোৱা লোকসকলৰ জৰিয়তে প্ৰায় ৮৭ জন লোকৰ শৰীৰত ধৰা পৰিল কৰ’না ভাইৰাছৰ লক্ষণ। সম্প্ৰতি বিবাহখনত অংশ লোৱা অভ্যাসগতসকলৰ অধিকাংশই কৰ’নাত আক্ৰান্ত ।

আনহাতে বিবাহখনত অংশ লোৱা লোকসকলৰ জৰিয়তেও এজনৰ পৰা আন এজন দেহলৈ সংক্ৰমিত হ’ল কৰ’না ভাইৰাছ ৷এই সন্দৰ্ভত চি ডিচিৰ সঞ্চালক নিৰৱ শ্বাহে কয়”গাঁও অঞ্চলত মানুহ একেলগে বাস কৰে ৷তেওঁলোকে এজন আনজনৰ সুখদুখৰ সমভাগী হয়। লগতে সৰু সৰু ভাগত বিভক্ত হৈ বিভিন্ন আলোচনা কৰে । এইয়াই গাঁও অঞ্চলত লোকসকলৰ মাজত থকা একতাক প্ৰতিপন্ন কৰে ।কিন্তু যেতিয়া ক’ভিডৰ কথা আহে তেতিয়া গ্ৰামাঞ্চলৰ এই একতাই ভয়াৱহ ৰূপ লয় ।

আনহাতে জানিব পৰা অনুসৰি মিলিন’কটত ইয়াৰ পূৰ্বে কোনো ক’ভিড ১৯ ত আক্ৰান্তৰ লোক এজনো নাছিল। সম্প্ৰতি মিলিন’কটত সম্প্ৰতি স্বাস্থ্য বিভাগে ক’ভিড১৯ ৰ টেষ্টিং অব্যাহত ৰাখিছে ৷লগতে প্ৰশাসনে কেৱল জৰুৰীকালীন সেৱাসমূহে মুকলি কৰি দিছে ৷

Exit mobile version