চূড়ান্ত অনিশ্চয়তাৰ গৰাহত পতিত এন আৰ চি

nrc 5

ৰাজ্যত চূড়ান্ত এন আৰ চি প্ৰকাশৰ এটা বছৰ সম্পূৰ্ণ হ’ল ৷ বিগত বৰ্ষৰ ৩১আগষ্টত প্ৰকাশ পোৱা এন আৰ চিখনৰ জৰিয়তে অসম বিদেশীমুক্ত হ’ব বুলি ৰাজ্যবাসীয়ে গভীৰ প্ৰত্যাশাৰে বাট চাই ৰৈছিল ৷ কিন্তু তাৰ বিপৰীতে বিগত বছৰটোত এন আৰ চিৰ পৰৱৰ্তী প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ স্থবিৰ হৈ ৰ’লো৷গেথেলা মৰা এই পৰিস্থিতি আৰু কিমান দিনলৈ বাহাল থাকিব তাৰ কোনো নিশ্চয়তা নাই ।

ফলস্বৰূপে ১৯ লক্ষাধিক লোকৰ নাম কৰ্তনেৰে প্ৰকাশ পোৱা এন আৰ চিৰ ভৱিষ্যতকলৈও সৃষ্টি হৈছে গভীৰ সংশয়ৰ । এই পৰ্যন্ত ভাৰতৰ মহাপঞ্জীয়কেও এন আৰ চি সম্পূৰ্ণ হোৱা বুলি এই পৰ্যন্ত আনুষ্ঠানিক জাননী জাৰি কৰা নাই। ইয়াৰ ফলত নাম বাদ পৰা বৃহৎ সংখ্যক লোকৰ ভৱিষ্যত অনিশ্চয়তাৰ গ্ৰাসত সোমাই পৰিছে ।

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছৰ পৰ্যায়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নাম বাদ পৰা লোকসকলক তেওঁলোকৰ নাম কিয় বাদ পৰিল তাৰ কাৰণসহ জাননী জাৰি কৰিব লাগে এন আৰ চিৰ কৰ্তৃপক্ষই।

কিন্তু সেই কাম আজিলৈও আৰম্ভ নহ’ল ।অথচ তাৰ বাবে কে’বাবাৰো সময় নিৰ্ধাৰণ কৰা হয় । এইবাৰো অহা অক্টোবৰৰ পৰা জাননী জাৰি কৰাৰ লক্ষ্য লোৱা হৈছে। চৰকাৰৰ ৰহস্যজনক সোপাঢিলা স্থিতিৰ বাবেই দুশ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কামো আজিলৈকে আৰম্ভ লহ’ল । সেইবোৰত নিযুক্তিৰ বাবে নিৰ্বাচিত হৈ থকা ১৬ শ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ হোৱা নাই । অথচ পূৰ্বে ধাৰ্য কৰা নিয়ম অনুসৰি ছেপ্তেম্বৰৰ মাজভাগত তেওঁলোকৰ নিযুক্তিৰ সময়সীমা উকলি যাব।

এনে জটিলতাৰ মাজতে অসম চৰকাৰে প্ৰকাশ কৰা ভাষ্যই এন আৰ চিৰ ভৱিষ্যতক লৈ বাহাল থকা আশংকাক আৰু অধিক গভীৰ কৰি তুলিলে। আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অধিবেশনৰ আগমূহূৰ্তত বিজেপিৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকতো চূড়ান্ত এন আৰ চি প্ৰকাশৰ পৰৱৰ্তী পৰ্যায়বোৰ কেতিয়ালৈ আৰম্ভ হ’ব তাৰ কোনো সমাধান সূত্ৰ নোলাল।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এখন শুদ্ধ তথা ত্ৰুটিহীন এন আৰ চি মুখ্যমন্ত্ৰীয়ে বিচাৰিছে ৷লগতে এন আৰ চিখন সম্পূৰ্ণ শুদ্ধ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ সমন্বয়কজনে গুৰুত্ব আৰোপ কৰা নাছিল বুলি পাটোৱাৰীয়ে উল্লেখ কৰে ৷

Exit mobile version