ডাউদক নাগৰিকত্ব প্ৰদানৰ কথা অস্বীকাৰ কৰিলে ডমিনিকাই

Dawood Ibrahim

মাফিয়া ডন ডাউদ ইব্ৰাহিমক নাগৰিকত্ব প্ৰদানৰ কথা অস্বীকাৰ কৰিলে কোৰিয়াৰ দেশ ডমিনিকাই । এক বিজ্ঞপ্তিত ডমিনিক চৰকাৰে স্পষ্ট কৰি কয় যে, ডাউদ ইব্ৰাহিম কমনৱেলথ অৱ ডমিনিকাৰ নাগৰিক নহয়। ডাউদক দেশখনে কেতিয়াও নাগৰিকত্ব প্ৰদান কৰা নাছিল বুলি ডমিনিক চৰকাৰে জানিবলৈ দিয়ে।

ADVERTISEMENT

উল্লেখ্য যে, অলপতে ভাৰতীয় নিৰাপত্তা সংস্থা প্ৰতিবেদনৰ বিভিন্ন নামত ভাৰত, পাকিস্তান, ডুবাই আৰু ডমিনিকাৰ প্ৰপত্ৰ ডাউডে যোগাৰ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল। ডমিনিকাত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিলে তেনে বিনিয়োগকাৰীক দেশখনে নাগৰিকত্ব প্ৰদানৰ নিয়ম আছে আৰু ইয়াৰ জৰিয়তে মাফিয়া ডাউডে ডমিনিকাৰ নাগৰিকত্ব লাভ কৰা বুলি ভাৰতীয় সংস্থাই দাবী কৰিছিল।

কিন্তু এই দাবী অস্বীকাৰ কৰি ডমিনিকাৰ চৰকাৰে কয়, ডাউড ইব্ৰাহিম কাছকৰ কমনৱেলথৰ অৱ ডমিনিকাৰ নাগৰিক নহয়। তেওঁ কোনো কালে এই দেশৰ নাগৰিক নাছিল। আৰ্থিক বিনিয়োগ বা আন কোনো উপায়েৰে ডাউডক নাগৰিকত্ব দিয়া হোৱা নাই। এই সন্দৰ্ভত সংবাদ মাধ্যম আৰু ব্যক্তি বিশেষে যি দাবী কৰিছে সেয়া অসত্য।

Exit mobile version