তিনি কোটি টকীয়া ‘ডবল ডায়মণ্ড’ ভেড়া

Screenshot 21 1

‘ডবল ডায়মণ্ড’ৰ দাম বজাৰত উঠিল তিনি কোটি । অৱশ্যে এয়া কোনো হীৰাৰ টুকুৰা নহয়,এটা ভেড়াৰ নাম ‘ডবল ডায়মণ্ড’। শুনিলে চকু একপ্ৰকাৰ কপালত উঠাৰ দৰেই কথা । নিলামত এটা ভেড়াৰ দাম উঠিল তিনি কোটি টকা ।

চলিত সপ্তাহত স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত নিলামত ভেড়াটোৰ দাম উঠিল ৩,৬৭,৫০০পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় তিনি কোটি টকাত বিক্ৰী হয় ভেড়াটো । এই ভেড়াটোৰ নামেই ‘ডবল ডায়মণ্ড’।

এইটো নেদাৰলেণ্ডৰে টেক্সাল ৰাম প্ৰজাতিৰ ভেড়া । নৰম মাংস আৰু সুন্দৰ ঊলৰ বাবে বিখ্যাত এই প্ৰজাতিৰ ভেড়া । চেছায়াৰৰ মেকালছফিল্ডত এই ডবল ডায়মণ্ডৰ জন্ম হৈছিল । লেনাৰ্কৰ স্কটিছ নেছনেল টেক্সালত ভেড়াটো বিক্ৰী কৰা হৈছে । কিন্তু কিহৰ বাবে এটা ভাড়াৰ ইমান মূল্য । দৰাচলতে এই ধৰণৰ ভেড়া নিলামৰ ইমান মূল্য ।

দৰাচলতে এই ধৰণৰ ভেড়া নিলামৰ সময়ত ইয়াৰ জন্মস্থান, শাৰীৰিক গঠন, ৰং আদি বিচাৰ কৰা হয় । এই সকলোবোৰ দিশ বিবেচনা কৰিয়ে ডবল ডায়মণ্ড হৈ পৰিছে মহামূল্যৱান।

Exit mobile version