পুনৰ ভাৰতীয় সীমাত যুদ্ধৰ সংকেট ! লাডাখত উৰিল চীনৰ যুদ্ধ বিমান

china border

পুনৰ ভাৰতীয় সীমাত চীনা সৈন্যৰ দপদপনি । ভাৰতৰ লগত সীমা বিবাদত আকৌ চীন । পূৰ্ব লাডাখৰ পাংগং হ্ৰদৰ দাঁতি কাষৰীয়া অঞ্চলত চীনা সৈন্যই পুনৰ আক্ৰমণৰ চেষ্টা চলালে । তথ্য অনুসৰি কিছুদিন ধৰি চীনৰ বায়ুসেনাই যুদ্ধ বিমানেৰে ভাৰতীয় সীমাত ভাৰতীয় সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰি আছে ।

এই বিমান সমূহ চীনৰ জিংনঝিয়াং অঞ্চলৰ হোটান বায়ু সেনা ঘাটিৰ বুলি নিশ্চিত কৰা হৈছে । ২৯ -৩০ আগষ্টৰ নিশা পাংগিং হ্ৰদৰ দক্ষিণ দিশত বৃহৎ সংখ্যাক চীনা সৈন্যই আক্ৰমণৰ চেষ্টা চলায় । কিন্তু পূৰ্বৰে পৰা সীমান্তত সতৰ্কিত হৈ থকা ভাৰতীয় সৈন্যই চীনা সৈন্যক খেদি পঠিয়াবল সক্ষম হয় ।

উল্লেখ্য যে দুয়ো পক্ষৰ মাজত কোনো ধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহ’ল । এপ্ৰিল-মে মাহত ভাৰত-চীন সীমা বিবাদৰ মীমাংসাৰ বাবে আলোচনা চলিছিল । কিন্ত এই মীমাংসা সমাধান হোৱাৰ পূৰ্বেই চীনা সৈন্যই ভাৰতত আগ্ৰাসনৰ চেষ্টা চলায় ।

Exit mobile version