প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ

pranab gogoi20140709 402 602

ভাৰতবর্ষৰ প্ৰাক্তন ৰাষ্ট্রপতি, ভাৰতৰত্ন প্ৰণৱ মুখার্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে । এক শোক বাৰ্তাত গগৈয়ে কয় যে, প্ৰণৱ মুখার্জীৰ মৃত্যুত মই অত্যন্ত মৰ্মাহত হৈছো । মুখাৰ্জীৰ মৃত্যুত দেশবাসীয়ে হেৰুৱালে এজন প্ৰকৃত দেশপ্ৰেমিক, দেশ নিৰ্মাতা, সমাজ সংস্কাৰক আৰু বিশিষ্ট ৰাজনীতিবিদক । মই ব্যক্তিগত ভাবে হেৰুৱালো এজন অভিন্ন হৃদয়ৰ বন্ধুক। ৰাজনৈতিক জীৱনৰ দীৰ্ঘসময় আমি দুয়ো ৰাজনীতিৰ পথাৰখনত সহকৰ্মী আছিলো।

দেশৰ জৰুৰীকালীন অৱস্থাৰ পাছত ক্ষমতা হেৰুৱাবলগীয়া হোৱা প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক পুনৰ ক্ষমতালৈ ঘূৰাই অনাৰ ক্ষেত্রত প্ৰণৱ মুখাৰ্জীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল । কংগ্রেছ দলৰ লগতে দেশৰ বাবেও তেখেতৰ মৃত্যু এক বৃহৎ ক্ষতি আৰু অপূৰণীয়। দেশৰ প্ৰতি তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ কথা দেশবাসীয়ে সদায়েই শ্ৰদ্ধাৰে সুঁৱৰিব। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

Exit mobile version