মালেগাঁওৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে তৈয়াৰী এবিধ কাঢ়া

IMG 7483

সমগ্ৰ বিশ্বজুৰি কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱা দিনৰে পৰা ঘৰুৱা উপকৰণকে ধৰি কৰ’না প্ৰতিষেধক, হাৰ্বেলৰ সংমিশ্ৰণ আৰু অন্যান্য নিৰাময় সংক্রান্তীয় ব্যৱস্থাৰ বন্যা নিগৰিছে। ইয়াৰে ভিতৰত অন্যতম হল মহাৰাষ্ট্ৰৰ মালেগাঁও , য’ত কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নাটকীয় সফলতা লাভ কৰিছিল।

স্থানীয় য়ুনানী কলেজৰ দ্বাৰা তৈয়াৰী কাঢ়া (হাৰ্বেল সংমিশ্ৰণ)টোৱে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইপিনে, ৰাজ্যচৰকাৰে মালেগাওঁৰ এই পৰিস্থিতিৰ পৰা মোকোলাই আনিবৰ পাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছিল। ৯ এপ্ৰিলত প্ৰথম সংক্ৰমণ হোৱাৰ পাছত সেই স্থানত দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছিল । ১০ জুনত ৮৬১ জন লোক আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৬৫ জনৰ।

লাহে লাহে এই সফলতাৰ খবৰ বিয়পি পৰিছিল সামাজিক মাধ্যমত । মনসুৰা কাঢ়া, মালেগাঁওৰ মহম্মদিয়া টিবিবিয়া কলেজৰ দ্বাৰা বিভিন্ন প্ৰজাতিৰ বনৌষধিৰে এইবিধ প্ৰস্তুত কৰা হয় আৰু চিকিৎসকৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। এইবিধ কাঢ়াক জ’শ্বান্দা বুলিও কোৱা হয়।

Exit mobile version