মেক্সিকোতকৈ মৃত্যুৰ হাৰ অধিক ভাৰতত

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

দেশত কৰ’না ভাইৰাছৰ পৰীক্ষাৰ মাত্ৰা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱা পৰিলক্ষিত হৈছে । আক্ৰান্তৰ হাৰে এটা সম্প্ৰদায়ত এই ৰোগৰ বিস্তাৰ সম্পৰ্কত একো একোটা ইংগিত প্ৰদান কৰে । বিগত ৫ দিনত ভাৰতত মুঠ ৭৫,০০০ জন নতুনকৈ সংক্ৰমিত হৈছে। অন্য দেশৰ তুলনাত ভাৰতত অধিক সংক্ৰমিত হৈছে ।

উল্লেখ্য যে যোৱা কিছু সপ্তাহৰ পৰা ভাৰতত ক’ভিড পৰীক্ষাৰ মাত্ৰাও বৃদ্ধি কৰা হৈছে । যিটো যোৱা কিছু দিনত ১০ লাখৰ অতিক্ৰম কৰিছে। দেশত পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যত সুস্থতাৰ হাৰ বৃদ্ধি পাইছে । দিল্লী প্ৰথমখন ৰাজ্য, য’ত সুস্থতাৰ হাৰ ৯০%। অন্য তিনিখন হৈছে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক । সুস্থতাৰ হাৰ অত্যাধিক হাৰত বৃদ্ধি হৈছে অন্ধ্ৰ প্ৰদেশত । যোৱা দুটা সপ্তাহত ২% পইণ্ট বৃদ্ধি হৈছিল। চলিত মাহৰ মাজভাগলৈ ৯.৫% ৰ পৰা ১৫% লৈ বৃদ্ধি পাইছে।

অন্যহাতে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত সংক্ৰমিত লোকৰ বৃদ্ধিৰ সংখ্যা কম, কিন্তু আক্ৰান্ত হৈয়ে আছে। অন্যহাতে উত্তৰ প্ৰদেশত বৃদ্ধিৰ হাৰ তাতকৈও কম। মহাৰাষ্ট্ৰত প্ৰায় ১০ দিনৰ আগত প্ৰত্যেকদিনাই নতুনকৈ আক্ৰান্ত হৈছিল প্ৰায় ১৬০০০ । দেশত কৰ’নাত অধিক লোক আক্ৰান্ত হোৱা ৰাজ্যসমূহৰ তালিকাত দ্বিতীয় স্থানত মহাৰাষ্ট্ৰৰ পাছতে আছে অন্ধ্ৰ প্ৰদেশ। প্ৰায় ৪.২৪ লাখতকৈ অধিক লোক এই ৰাজ্যত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত মুঠ আক্ৰান্ত হৈছে প্ৰায় ৭.৮ লাখ লোক।

বিশ্বৰ ভিতৰত অধিক মৃত্যু হোৱা দেশৰ ভিতৰত ভাৰত আছে তৃতীয় স্থানত । ভাৰতৰ আগত আছে আমেৰিকা আৰু ব্ৰাজিল। দেওবাৰে নতুনকৈ ৯৭১ জন লোকৰ মৃত্যু হোৱাৰ পাছত ভাৰতত মৃতকৰ সংখ্যা হয়গৈ মুঠ ৬৪,৪৬৯ জন, যিটো মেক্সিকোতকৈ অধিক । দেওবাৰ পৰ্যন্ত ৭৮,৫০০ জন লোক নতুনকৈ সংক্ৰমিত হোৱাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৩৬.২১ লাখ। ইয়াৰে ভিতৰত ২৭.৭৪ লাখ লোক সুস্থ হৈ উঠাৰ পাছত সুস্থতাৰ হাৰ হয়গৈ ৭৬% ।

Exit mobile version