২০২০ ৰ সবাতোকৈ নিকৃষ্ট ছবিৰ ৰেটিং লাভ মহেশ ভাটৰ ‘চড়ক-২’

sadak2 879490 1598678855

বলিউডৰ আগশাৰীৰ চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ দ্বাৰা পৰিচালিত সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘চড়ক-২’ চলিত বৰ্ষৰ সবাতোকৈ নিকৃষ্ট ছবি হিচাপে স্বীকৃত হ’ল । আই এম ডি বিৰ ৰেটিঙত ‘চড়ক-২’ এ লাভ কৰিলে ১০ ৰ ভিতৰত মাত্ৰ এক । চলিত বৰ্ষত এনে সৰ্বনিম্ন ৰেটিং লাভ কৰা এইখনেই হৈছে একমাত্ৰ ছবি । ৰেটিঙৰ তালিকাত সবাতোকৈ নিম্নস্থানত আছে চড়ক-২।

ইয়াৰ পূৰ্বে আই এম ডি বিৰ ৱেবচাইটত তুৰস্কৰ ছবি ‘ক’ডনেমঃ কে অ’ জেড’ এ সৰ্বনিম্ন ১.৩ ৰেটিং লাভ কৰিছিল। উল্লেখ্য যে, চড়ক-২ ছবিৰ ট্ৰেইলাৰে ইউটিউবত সৰ্বাধিক ডিছলাইক লাভেৰে প্ৰথম স্থান দখল কৰিছিল। মহেশ ভাটৰ ছবিয়ে সাধাৰণতে দৰ্শকক আকৰ্ষিত কৰি আহিছে যদিও চড়ক২ ত পৰিচালকজনে পূৰ্বৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল।

Exit mobile version